বিজেপিৰ বাৰ্তালোচনীত মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা: ফটোসহ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীৰ নাম

 06/02/2020 - 18:31

উৎপল কুমাৰ কলিতা: অসমৰ মুখ্যমন্ত্ৰী কোন। হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল। ইতিমধ্যে কামে কাজে, হাই কমাণ্ডৰ ওপৰত প্ৰভাৱ, ৰাজ্যৰ কৰ্মী সকলৰ মাজত জনপ্ৰিয়তাৰে একপ্ৰকাৰ চুপাৰ মুখ্যমন্ত্ৰী হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। সংসদ পল্লব লোচন দাসে কেবাবাৰো মুখ্যমন্ত্ৰী হিচাপে ৰাজহুৱাকৈ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে, আন কেবাজনো নেতাৰ মুখটো শুনা গৈছিল মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি। পিছে এইবাৰ বিজেপিৰ বাৰ্তালোচনীতে ফটোসহ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰা হ'ল হিমন্ত বিশ্ব শৰ্মাক।

উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিয়ে মাহেকীয়া হিচাপে বিজেপি বাৰ্তা নামেৰে এখন বাৰ্তালোচনী প্ৰকাশ কৰি আহিছে। তাৰ শেহতীয়া জুন মাহৰ সংখ্যাত প্ৰকাশ পাইছে এখন বিশেষ ফটো। যত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কোৱাৰেনটাইন কেন্দ্ৰ পৰিদৰ্শন কৰা দেখা যায়।কিন্তু ফটোৰ তলত কেপচন আছে মুখ্যমন্ত্ৰীৰ কোৱাৰেনটাইন কেন্দ্ৰ পৰিদৰ্শন। অথচ ফটোত নাই মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাৰ কাষত আছে সাংসদ কামাখ্যা প্ৰসাদ তাচা। ইফালে একেখন ফটো হিমন্ত বিশ্ব শৰ্মাই ১১ মে'ত যোৰহাটৰ এটা কোৱাৰেনটাইন কেন্দ্ৰ পৰিদৰ্শন কৰা বুলি নিজৰ ফেচবুক ৱালত আপলোড কৰিছে লগত দিছে লগত থকা সকলৰ নাম তালিকা। তাতো নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নাম।

ইফালে ১১ মে'ত মুখ্যমন্ত্ৰী আছিল প্ৰধান মন্ত্ৰীৰ ভিডিঅ কনফাৰেঞ্চত। তেনেহলে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হল নেকি বিজেপিৰ বাৰ্তালোচনী মতে। এই ফটো নিশ্চয় চপাৰ পাছত  বাৰ্তালোচনীৰ সম্পাদক ড. দেবদত্ত বৰকটকী প্ৰমুখ্যে সম্পাদনা মণ্ডলীৰ চকুত পৰিছিল কিন্তু তাৰ পাছতো তেনেকৈ বিতৰন কৰা হ'ল আলোচনীখন।

বিজেপিৰ দলীয় আলোচনীৰ মতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।