২০১৮ আন্তঃৰাষ্ট্ৰীয় অ'পেন কুংফু চেম্পিয়নশ্বিপত জীৱেশ্বৰ শৰ্মাৰ সোণৰ পদক

 05/05/2019 - 16:26

ডিজিটেল ডেস্কঃ নলবাৰী জিলাৰ বৰকুঁহিয়া গাঁৱৰ নগেন শৰ্মাৰ পুত্ৰ বৰ্তমান গুৱাহাটী মেডিকেল কলেজৰ কেঞ্চাৰ হাস্পতালৰ কৰ্মচাৰী জীৱেশ্বৰ শৰ্মাই ২০১৮ৰ আন্তঃৰাষ্ট্ৰীয় অ'পেন কুংফু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি নেপালৰ কাঠমাণ্ডু চহৰত অনুষ্ঠিত হোৱা এছিয়া কুংফু উশ্বু চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে।

তেওঁৰ এই সাফল্যই অসমবাসীক উৎফুল্লিত কৰি তুলিছে। উক্ত সন্মান আৰু পদকটি যোৱা মাহত নতুন দিল্লীৰ প্ৰীতমপুৰৰ 'ক্ৰীমচ লতাহভেদা' প্ৰেক্ষাগৃহত তেওঁক প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।