ওদালগুৰিত মেধাৱী ছাত্ৰীক অপহৰণ: দুমাহ উকলি যোৱাৰ পাছতো অপহৰণকাৰীক কৰায়ত্ত কৰাত ব্যৰ্থ আৰক্ষী

 05/05/2019 - 17:29

দলগাওঁ: ওদালগুৰি জিলাৰ মহনপুৰ গাঁৱৰ মেধাৱী ছাত্ৰী ৰশ্বিদা বেগম দুমাহৰ পূৰ্বে ৪ মাৰ্চ তাৰিখে ঘৰৰ পৰা বেছিমাৰী আদৰ্শ জাতীয় বিদ্যালয়লৈ গৈ থকা অৱস্থাত দলগাঁৱৰ বাঘৰবাৰী গাঁৱৰ বাসিন্দা ইব্ৰাহিম আলীয়ে জুলফিক্কৰ আলীৰ সহযোগত বলপূৰ্বকভাৱে অপহৰণ কৰি লৈ যায়।

উল্লেখ্য যে মেধাৱী ছাত্ৰী ৰশ্বিদা বেগম ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইবাটাও বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। উক্ত ঘটনা সংঘটিত হোৱাৰ পাছতে ৰশ্বিদা বেগমৰ পিতৃ মাতৃয়ে দলগাঁৱ আৰক্ষী থানাত এজাহাৰ দিবলৈ যায় যদিও ভুক্তভোগীৰ ঘৰ ওদালগুৰিত হোৱা হেতুকে দলগাঁৱ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ নকৰাত উপায়ন্তৰ হৈ ওদালগুৰি জিলা আদালতত CR No.26/19U/S 346/387/506/34IPC গোচৰ ৰুজু কৰাত অপহৰণকাৰী দলগাঁৱ থানাৰ অন্তৰ্গত হোৱা বাবে আদালতে দলগাঁৱ থানালৈ হস্তান্তৰ কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

যদিও দুমাহ উকলি যোৱাৰ পাছতো অপহৰণকাৰীৰ শুংসুত্ৰ উলিয়াবলৈ ব্যৰ্থ হয় বিয়াগোম আৰক্ষী প্ৰশাসন। উক্ত ঘটনা সন্দৰ্ভত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি জিয়াৰুল হক আৰু সাধাৰণ সম্পাদক আব্দুল কালাম আজাদে দৰং জিলাৰ শীৰ্ষ আৰক্ষীৰ বিষয়াৰ লগত আলোচনাত মিলিত হৈ অপহৃত ছাত্ৰীগৰাকীক উদ্ধাৰৰ বাবে আবেদন জনায় যদিও আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।