আমেৰিকাৰ টোপনি হৰিছে লাডেনৰ পুত্ৰই

 03/02/2019 - 16:10

ডিজিটেল ডেস্কঃ এটা সময়ত আমেৰিকাৰ বাবে মূৰৰ কামোৰণি আছিল চৌদী আৰৱৰ সন্ত্ৰাসবাদী আল কায়দাৰ প্ৰতিষ্ঠাপক ওচামা বীন লাডেন। ২০১১ বৰ্ষৰ মে মাহত আমেৰিকাৰ সেনাই পাকিস্তানত ওচামা বীন লাডেনক হত্যা কৰাৰ পাছত আমেৰিকা শান্তিত আছিল যদিও এইবাৰ ওচামা বীন লাডেনৰ পুত্ৰ হমজা বীন লাডেনে টোপনি হৰিছে আমেৰিকাৰ। চৌদী আৰৱত ওচামা বীন লাডেনৰ পুত্ৰ হমজা বীন লাডেনৰ নাগৰিকত্ব বাতিল কৰা হৈছে। এক সূত্ৰ অনুসৰি, চৌদী আৰৱ চৰকাৰে এক নিৰ্দেশযোগে হমজাৰ নাগৰিকত্ব বাতিল কৰিছিল।

কিন্তু এই বিষয়ে জনোৱা হোৱা নাই যে এতিয়াহে কিয় এই কথা ৰাজহুৱা কৰা হৈছে। চৌদী আৰৱে এই ঘোষণা আমেৰিকা চৰকাৰে দিয়া এক প্ৰস্তাৱৰ পাছতহে ৰাজহুৱা কৰে। য’ত আমেৰিকাই ওচামা বীন লাডেনৰ পুত্ৰৰ বিষয়ে তথ্য যোগান ধৰা জনক ১০ লাখ ড’লাৰ অৰ্থাৎ প্ৰায় ৭ কোটি টকা দিয়াৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ এক সূত্ৰ অনুসৰি ওচামা বীন লাডেনৰ পুত্ৰ হমজা বীন লাডেনে আমেৰিকাত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।

হমজাই পিতৃৰ হত্যাৰ প্ৰতিশোধ ল’বলৈ আমেৰিকাত আক্ৰমণ চলাব। চোৰাংচোৱাৰ পৰা আমেৰিকাই লাভ কৰা এই খবৰৰ পাছতে আমেৰিকাই ১০ লাখ ড’লাৰ দিয়াৰ ঘোষণা কৰে। আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে এই ধন দিয়াৰ কথা ঘোষণা কৰিছে। আমেৰিকা বিদেশ মন্ত্ৰণালয়ৰ বিষয়া এমটি ইৱানোফে এই সন্দৰ্ভত কয়- ‘এই পদক্ষেপে আমেৰিকাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বিষয়ে জনায়। ইফালে, চোৰাংচোৱাৰ সূত্ৰ অনুসৰি, হমজাই বিগত কেবাবছৰ ধৰি আত্মগোপন কৰি আছে। পাকিস্তান, আফগানিস্তান, ছিৰিয়া অথবা ইৰাণত হমজা বীন লাডেনে আত্মগোপন কৰাৰ সম্ভাৱনা আছে বুলি জনাইছে চোৰাংচোৱা সূত্ৰই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.