গড়কাপ্তানী বিভাগৰ কামত ব্যাপক দুৰ্নীতি

 05/06/2019 - 12:14

দলগাওঁঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্যৰ ২৫ দিন পিছতে বখলা বখলে এৰিছে নিৰ্মাণ কৰা পথ।গড়কাপ্তানি বিভাগলৈ আমূল পৰিৱৰ্তন আনিব বুলি ৰাজ্যখনৰ জনসাধাৰণে আশা কৰিছিল যদিও তাৰ ওলোটা ছবিহে দেখা পোৱা গৈছে দলগাওঁত।

গড়কাপ্তানী বিভাগে দলগাওঁৰ পৰা ৰৌতা সংযোগী পথটো নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়মেৰে পথটো নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে।পথৰ বিটুমিনৰ প্ৰলেপৰ লগতে ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে৷ আনহাতে বিভাগীয় প্ৰাককলন অনুসৰি কাম কাজ নকৰাকৈ ঠিকাদাৰে নিজৰ খেয়াল খুচি মতে পথচোৱা নিৰ্মাণ কৰাত সম্পূৰ্ণ পথটো বৰ্তমান বিধস্ত হৈছে বুলি ৰাইজে অভিযোগ কৰিছে।

এই পথছোৱাৰ কাম অতি নিম্নমানৰ হোৱা বাবে ২৫ দিনৰ ভিতৰতে ৰাস্তাটো এনেদৰে খহি পৰিছে৷ ফলত পথৰ ওপৰত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। এই ক্ষেত্ৰত আমছুৰ কাৰ্য্যকৰি সভাপতি আইনুদ্দিন আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় কৰ্তৃপক্ষক কামটো তদন্ত কৰিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।