06/05/2020 - 18:34
in
![](https://pratibimbalive.com/sites/default/files/styles/article-detail/public/articles/8bf7521d-e173-4370-ab52-c2d651ec073a.jpg?itok=sZMFkSkh)
উত্তৰ গুৱাহাটী: আনন্দ নিকেতন ট্ৰাষ্ট, ভৈৰবী আশ্ৰম, কালিপুৰ, গুৱাহাটীৰ উদ্যোগত আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহন কৰা হয়। উক্ত কাৰ্যসূচীত উপস্হিত থাকে আনন্দ নিকেতন ট্ৰাষ্টৰ প্ৰকল্প মনোজ কলিতা, ট্ৰাষ্টৰ কাৰ্যকৰী সদস্য ডক্টৰ পৱন তিৱাৰী, ভৈৰবী আশ্ৰমৰ প্ৰমুখ চন্দন দেবনাথৰ লগতে কৰ অধীক্ষক বৰুন যাদব, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ কাৰ্যালয় সচিব বিকাশ শৰ্মা বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰাণজীত পুজাৰীৰ লগতে পংকজ দাস, মুনিন্দ্ৰ কলিতা আৰু বহুতো কাৰ্যকৰ্তা, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আনন্দ নিকেতন ট্ৰাষ্টে আহ্বান জনায় যে "আহক আমি সকলোৱে মিলি এজোপাকৈ গছ পুলি ৰোপন কৰি এখন সেউজীয়া আৰু প্ৰদূষণমুক্ত ভাৰত গৰ্হো প্ৰকৃতিক সন্মান কৰোঁ, আদৰ কৰোঁ ,তেতিয়াহে আমি প্ৰকৃতিৰ প্ৰকৃত সান্নিধ্যৰ সুখ লাভ কৰিব পাৰিম"৷