বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটি বিশেষ প্ৰবন্ধ : প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ প্ৰভাৱ

 06/05/2020 - 19:48

ডাঃ গৌতম গোবিন্দ চেতিয়া: সভ্যতাৰ নামত, শিল্প বাণিজ্যৰ নামত, তথাকথিত উন্নতিৰ নামত মানুহে মাটি, বায়ু আৰু পানী বিষাক্ত কৰি তুলিছে আৰু লগতে বাতাবৰণ কলুষিত কৰাত ইন্ধন যোগাইছে, যাৰ ফলত বৃহৎ পৰিমাণৰ ক্ষতি গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি তথা মানৱ সমাজৰে হৈছে। কল-কাৰখানা আৰু মটৰগাড়ী আদিয়ে বৃহৎ পৰিমাণৰ সালফাৰ-ডাই-অক্সাইড, কাৰ্বন-ডাই-অক্সাইড আৰু সীহ আদি বিষাক্ত গেছ আৰু ধাতব পদাৰ্থ আমাৰ বায়ুমণ্ডলত এৰি দিয়াৰ ফলত মানুহ আৰু পশু-পক্ষীৰ শৰীৰৰ স্নায়ু, হাওঁফাওঁ, উশাহনলী আদি বেয়াকৈ আক্রান্ত হৈছে। গছ-গছনিৰ বৃদ্ধি আৰু উৎপাদনৰ ক্ষমতাও হ্ৰাস হৈছে। চিকিৎসক সকলে শ্বাস-প্ৰশ্বাসজনিত কাৰণত দুৰ্ভোগ ভোগ কৰি থকা ৰোগীক, কঁকাল-আঁঠু আদি বা অন্যান্য ৰোগৰ ৰোগীকো প্ৰাতঃভ্ৰমণ (Morning Walk) কৰিবলৈ প্ৰায়ে পৰামৰ্শ কৰে। ইয়াৰ কাৰণো সুকীয়া তাৰ বিষয়ে অলপ বিষদভাৱে আলোচনা আগবঢ়োৱা হ'ল-

পুৱাৰে পৰা চৰাই-চিৰিকটি, পশু-পক্ষী সকলো প্ৰাণীয়ে বায়ুমণ্ডলত শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ জৰিয়তে অক্সিজেন গ্ৰহণ কৰি কাৰ্বন-ডাই-অক্সাইড বায়ুমণ্ডলত এৰি দিয়ে, যি কাৰ্বন-ডাই-অক্সাইড গছ-গছনিয়ে সম্পূৰ্ণৰূপে বিশুদ্ধ কৰিবলৈ ৰাতিৰ ভিতৰতে সক্ষম হয়, যিহেতু ৰাতি মানুহ, পশু-পক্ষীকে আদি কৰি সকলোৱে প্ৰকৃতিৰ নিয়ম অনুসৰি নিৰ্দিষ্ট সময় বিশ্ৰাম লওঁতেই পাৰ হয়, যিটো জীৱ-জগতৰ বাবে প্ৰকৃতিৰ এক ধৰাবন্ধা নিয়ম। সেয়ে গছ-গছনিৰ মহত্ব আমাৰ জীৱনৰ বাবে কিমান অপৰিহাৰ্য্য সেয়া জীৱশ্ৰেষ্ঠ মানুহে আজিও বুজিবলৈ বাকী থকা যেনহে অনুভৱ হয়। প্ৰকৃতিক উদ্ধাৰ কৰিবলৈ লোৱা কাৰ্যসূচীৰ বিপৰীতে অবাধ ধ্বংস কৰি থকা কাৰ্য্যই ইয়াৰ প্ৰমাণ। আমাৰ মগজুৰ বিশেষ অংশ "চেৰিবেলাম" যি আমাৰ শৰীৰৰ এটা বিশেষ সংবেদনশীল অংশ। ই আমাৰ শৰীৰটোক একপ্ৰকাৰ পৰিচালনা কৰে বুলি কব পৰা যায়। গতিকে ৰাতিপুৱা সোনকালে শুই উঠি আপুনি যদি ৰোগী চিকিৎসকৰ পৰামৰ্শ অনুসৰি এক, দুই কিঃমিঃ খোজ কাঢ়ি মুকলি ঠাইত (Playground) কিছু সময় দীঘলকৈ উশাহ লৈ এৰি দিয়া শ্বাস-প্ৰশ্বাসজনিত ব্যায়াম কৰক, এজন সুস্থ লোকেও এনে ব্যায়াম কৰা আৰম্ভ কৰিব পাৰে বা কৰিলে যথেষ্ট উপকৃত হ'ব পাৰিব। আপুনি যদি অন্য শাৰীৰিক ব্যায়াম কৰে ইয়াৰ পাছত সেইয়াও কৰক, যদি নকৰে কৰা আৰম্ভ কৰক, যিহেতু এটা সুস্থ শৰীৰতহে এটা সুস্থ মন আৰু মগজুৰ বিকাশ ঘটে। আমি শ্বাস-প্ৰশ্বাসৰ জড়িয়তে গ্ৰহণ কৰা বায়ু আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ তেজৰ জৰিয়তে প্ৰবাহিত হয়। গতিকে আমি ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কালছোৱাত গ্ৰহণ কৰা বায়ুৱে বিশেষভাৱে গ্রহণযোগ্য, গতিকে ইয়াৰ প্ৰতি বিশেষভাৱে সচেতন হ'ব লাগে, যিহেতু এনে শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰিলে আমাৰ শৰীৰত ইতিমধ্যে প্ৰৱেশ কৰা ৰোগৰ ওপৰতেই ক্ৰিয়া কৰে। তাৰোপৰি নিৰোগীসকলেও প্ৰাতঃভ্ৰমণ, শ্বাস-প্ৰশ্বাসৰ ব্যায়াম আদিৰ জৰিয়তে তেওঁলোকৰ শৰীৰত বেমাৰৰ প্ৰতিৰক্ষা ক্ষমতা সক্ৰিয়ৰূপে প্ৰতিস্থিত কৰিবলৈ সক্ষম হয়। পুৱাৰ পৰা দিনটো অতিক্ৰম কৰি গৈ থকাৰ দৰেই ঠিক বায়ুমণ্ডলও প্ৰদূষিত হৈ গৈ থাকে। আমি মানুহ বা অন্য পশু-পক্ষীবোৰে অকল প্ৰশ্বাসত দূষিত বায়ু এৰা বাবেই নহয়, বনাঞ্চল ৰক্ষা কৰাৰ বিপৰীতে ধ্বংস কৰা, কল-কাৰখানাৰ দূষিত বায়ু য'ত গছ-গছনি ৰোৱাৰ কোনো পৰিকল্পনা বা কাৰ্য্যসূচী গ্ৰহণ নকৰা কাৰ্য্যই আমাৰ নিজৰ ধ্বংস নিজেই কৰা তথা অন্য-জীৱ-জন্তুৰ বাবেও জীৱ জগত জীয়াই থকাত অনুপযোগী কৰি তোলা হৈছে। প্ৰকৃতিক জীয়াই ৰখা আমাৰ সকলোৰে দায়িত্ব, যিহেতু এই প্ৰকৃতিৰ অৱদান আমাৰ শৰীৰত অপৰিসীম। এজন সুস্থ লোকে প্ৰাতঃভ্ৰমণত কৰা এনে শ্বাস-প্ৰশ্বাসজনিত ব্যায়ামে আৰু লগতে কৰা অন্য শৰীৰ চৰ্চাৰ দ্বাৰা তেওঁক দৈনন্দিন জীৱনৰ লগত  বা পেছাগত যিকোনো কামৰ বাবে বিশেষভাৱে সক্ষম কৰি ৰাখে, অৰ্থাৎ তেওঁৰ শৰীৰত বেমাৰৰ প্ৰতিৰক্ষা ক্ষমতা এনে সাৱধানতা বা ব্যায়ামৰ জড়িয়তে অতি প্ৰৱল হৈ থাকে। যান-বাহন, কল-কাৰখানা আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে কয়লা আৰু পেট্ৰালিয়ামৰ ব্যৱহাৰো ক্ৰমাৎ বাঢ়ি গৈছে। এই বৰ্দ্ধিত পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰিবলৈ সূৰ্য্যৰ পোহৰৰ সহায়ত গছ-গছনিয়ে অধিক খাদ্য উৎপাদন কৰাৰ লগে লগে অধিক অক্সিজেন বায়ুমণ্ডলত  এৰি দি আমাৰ উপকাৰ কৰিলেহেঁতেন। অন্যান্য অপকাৰিতাৰ উপৰিও এটা কথা স্পষ্টভাৱে পৰিলক্ষিত হৈছে যে কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলৰ তাপমাত্ৰাও বাঢ়িছে। ফলত সমগ্র পৃথিৱীত জলবায়ুৰ অনেক পৰিৱৰ্তন ঘটাটো অত্যন্ত স্বাভাৱিক। জলবায়ুৰ এনে পৰিৱৰ্তনে মানুহৰ জীৱন যাত্ৰাত ভীষণ খেলি-মেলি লগাইছে। বিশ্বৰ শান্তি বিনষ্ট কৰাৰ আশংকা হৈছে। এই পৰিনামৰ কথা ভাবি মানৱজাতি অতি শীঘ্ৰে সাৱধান হ'বৰ হ'ল। প্ৰকৃতিৰ কিছুমান স্বাভাৱিক প্ৰক্ৰিয়া যেনে - আগ্নেয়গিৰীৰ উদ্গীৰণ, জুই, ধোঁৱা নাইবা মানুহৰ দ্বাৰাও বায়ুমণ্ডলৰ উপাদানসমূহৰ পৰিমাণ পৰিবেশত অধিক মাত্ৰাত বৃদ্ধি হৈ পৰিবেশৰ ভাৰসাম্য নষ্ট হয়। এতিয়ালৈকে আবিষ্কাৰ হোৱা ৰাসায়নিক পদাৰ্থৰ মুঠ সংখ্যা ৪০ লাখৰো অধিক হ'ব তথ্য অনুসৰি। ইয়াৰে ভিতৰত ৪৩১ বিধ ৰাসায়নিক পদাৰ্থ মাৰাত্মকভাৱে ভয়াবহ আৰু বিষাক্ত হিচাপে ১৯৮৬ চনৰ পৰিবেশ সংৰক্ষণ আইনমতে চিনাক্ত কৰা হৈছে। কাৰখানাৰ পৰা ওলোৱা ধোঁৱা ছাঁই আদি বায়ুমণ্ডলত প্ৰৱেশ কৰি শিল্প প্ৰধান অঞ্চলত বিভীষিকাৰ সৃষ্টি কৰে। কয়লা দহনৰ পৰা উৎপত্তি হোৱা ধোঁৱা, চালফাৰ-ডাই-অক্সাইড আৰু আন গেছীয় পদাৰ্থ তথ্য মতে বায়ুমণ্ডলত প্ৰৱেশ কৰি এক ধুৱঁলী-কুঁৱলীময় পৰিৱেশৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত উদ্যোগিক অঞ্চলত "স্মগ"ৰ সৃষ্টি হয়। ১৯৫০ চনৰ ডিচেম্বৰ মাহত পোন প্ৰথমে লণ্ডনত শিল্প প্ৰধান অঞ্চলত এনে "স্মগ"ৰ সৃষ্টি হৈছিল। এনেকৈ বায়ুমণ্ডলত মূল উপাদানসমূহ নোহোৱাকৈ যোৱাৰ বাবে মানুহ তথা জীৱ-জন্তুবোৰ মৃত্যু মুখত পৰে। বায়ুত চালফাৰ-ডাই-অক্সাইডৰ পৰিমাণ যদি ০.৫ নিযুতাংশতকৈ অধিক হয় তেনেহলে সেই ঠাইৰ গছ-গছনি মৰি যায়। বায়ুমণ্ডলৰ সেউজ গৃহত গেছৰ প্ৰভাৱ নোহোৱাহেঁতেন পৃথিৱীখন আৰু ৩০ ডিগ্ৰী ছেন্টিগ্ৰেড বেছি ঠাণ্ডা হলহেঁতেন আৰু তেতিয়া পৃথিৱীত প্ৰাণী আৰু উদ্ভিদ বৰ্তি নাথাকিলেহেঁতেন কিন্তু বৰ্তমান যুগত উদ্যোগিক আৰু কৃষি ক্ষেত্ৰৰ কাম কাজত ৰাসায়নিক দ্ৰব্য বহুলভাৱে ব্যৱহাৰ হোৱাৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ প্ৰায় ২৫% বৃদ্ধি হৈছে। তেনেদৰে অন্যান্য সেউজগৃহ গেছৰো পৰিমাণ বৃদ্ধি হৈছে। এনেদৰে উষ্ণতা বৃদ্ধি হ'লে অহা ২০৩০ চনৰ ভূ-পৃষ্ঠৰ উপৰত বায়ুমণ্ডলৰ ২.৫ পৰা ৪.৫ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতা বৃদ্ধি হ'ব। এনেদৰে উষ্ণতা বৃদ্ধি হ'লে পৃথিৱীৰ জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হ'ব আৰু জলবায়ুৰ এনে ব্যাপক পৰিৱৰ্তনে শস্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব, য'ত জীৱ-জন্তুৰ মৃত্যুৰ হাৰ বাঢ়িব। 

আমাৰ কৰণীয়:-
              প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে ১৯৭০ চনত অনুস্থিত হোৱা আন্তৰ্জাতিক সন্মিলনত তিনিটা গুৰুত্বপূৰ্ণ উদ্দেশ্য স্থিৰ কৰা হৈছিল :- 

১/ পৰিস্থিতিক প্ৰক্ৰিয়া আৰু জীৱন ধাৰণ প্ৰক্ৰিয়া স্বাভাৱিকতেই বৰ্তাই ৰখা, কিয়নো এই উপাদান আৰু প্ৰক্ৰিয়াৰ ওপৰতে মানৱজাতিৰ অস্তিত্ব আৰু গ্ৰগতি নিৰ্ভৰ কৰে।

২/ জীৱন অনুবংশিক বিভিন্নতা আৰু জীৱন ধাৰণ প্ৰক্ৰিয়া ৰক্ষা কৰা যাৰ ওপৰত নিৰ্ভৰ কৰিছে পৰিস্থিতিক সমতা আৰু জীৱন ধাৰণৰ প্ৰক্ৰিয়া।

৩/ প্ৰজাতি আৰু পৰিস্থিতিতন্ত্ৰৰ হানি বিঘিনি নোহোৱাকৈ পৰিকল্পিত ভাৱে ব্যৱহাৰ কৰা।

বনাঞ্চল সংৰক্ষণৰ কিছুমান ব্যৱস্থা :-

১/ প্ৰয়োজন অনুপাতে ঘৰ সাজিবলৈ ব্যৱহাৰ হোৱা বাঁহ-কাঠ ব্যৱহাৰ কৰি সমপৰিমাণৰ গছ পুনৰ ৰূপনৰ ব্যৱস্থা কৰা।

২/ খৰিৰ সলনি বিকল্প ইন্ধন ব্যৱহাৰ কৰা, যি খৰি অনাহকতে কাটি ব্যৱহাৰ কৰা হয়।

৩/ সেউজ গৃহৰ প্ৰক্ৰিয়াৰ উত্তাপ নিৰ্দিষ্ট মাত্ৰাত ৰখা হয় জলবায়ুৰ তাৰতম্য নোহোৱাকৈ বনানিকৰণ আঁচনি তৈয়াৰ কৰা।

৪/ পৰিবেশ উদ্যান পাতি, ফলমূল, ঔষধি গছ ইত্যাদি ৰুই প্ৰাকৃতিক তাৰতম্য ৰক্ষাৰ চেষ্টা কৰা।

৫/ যিখিনি প্ৰাকৃতিক সম্পদ ধ্বংস কৰিব লগা হয়, ঘৰ সজা বা ৰাস্তা পদূলি নিৰ্মাণৰ বাবে, পুনৰ ততোধিক গছ ৰূপনৰ আঁচনি লোৱা।

দেখা গৈছে পৰিবেশ অৱক্ষয় ৰোধ কৰাত কোনোমতেই চৰকাৰ সফল হ'ব পৰা নাই। বিভিন্ন সময়ত প্ৰকৃতিক উদ্ধাৰৰ বাবে চৰকাৰে বিভিন্ন আইন বলবৎ কৰি আহিছে, যদিও জীৱ জগতক সুৰক্ষা তথা পৰিবেশ সংৰক্ষণত বিশেষ সুফল লাভ কৰিব পৰা নাই। বৰ্তমান প্ৰেক্ষাপটত পৰিবেশ সংৰক্ষণ মানৱ জাতিৰ বাবে জীয়াই থকাৰ ভাবুকিমূলক বিষয় হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰসংঘৰ সৌজন্যত ১৯৭২ চনত চুইডেনৰ ষ্টকহ'মত মানৱ পৰিৱেশ সন্মিলনত ইয়াৰ ৫ জুন তাৰিখটো ধাৰ্য্য কৰি বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বিশেষ তাৰিখটোৰ যোগেদি যি বাৰ্তা কঢ়িওৱা হৈছে সেয়া এতিয়াও নিৰাশাজনক। গতিকে পৰিবেশ উদ্ধাৰ প্ৰক্ৰিয়াত এই বিশেষ দিনটোতে সীমাবদ্ধ থকাৰ পৰিবৰ্তে চৰকাৰ তথা সমাজ সমানেই সচেতন হ'ব লাগিব।

       গতিকে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে এই পৃথিৱীত আমাৰ অস্তিত্ব বৰ্তি থাকিবলৈ আহক আমি সকলোৱে জীৱনৰ কিছু সময় পৰিবেশ সংৰক্ষণত গুৰুত্ব দি পৃথিৱীখন আমি আমাৰ বাবেই থকাৰ উপযোগী কৰি তোলো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।