এয়াৰ ইণ্ডিয়াত জয়হিন্দ ধ্বনি

 03/05/2019 - 18:05

নতুন দিল্লীঃ এতিয়াৰেপৰা বিমান যাত্ৰাৰ সময়ত শুনিবলৈ পোৱা নাযাব পৰিচালিকাসকলে প্ৰতিটো ঘোষণাৰ পাছত সুমধুৰ কণ্ঠৰে কোৱা ধন্যবাদ অথবা থেংক ইউ’। ইয়াৰ পৰিৱৰ্তে প্ৰতিটো ঘোষণাৰ অন্তৰে অন্তৰে শুনিবলৈ পাব জয় হিন্দ ধ্বনি।

এয়াৰ ইণ্ডিয়াৰ সঞ্চালক (অপাৰেচন) অমিতাভ সিঙে এয়াৰ ইণ্ডিয়াত তৎকালীনভাৱে এই নিয়ম প্ৰযোজ্য হোৱাকৈ নিৰ্দেশনা জাৰি কৰিছে৷ প্ৰতিটো ঘোষণাৰ পাছত কেই মূহুৰ্তমান ৰৈ অতি সুন্দৰকৈ ঘোষক-ঘোষিকাই ক’ব লাগিব ‘জয় হিন্দ’৷ দেশপ্ৰেম নিদৰ্শনৰ বাবেই এই ব্যৱস্থা হাতত লোৱা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।