অবিৰত সাফল্যত জিলিকিছে ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম জাতীয় বিদ্যালয়

 06/06/2020 - 13:27

বটদ্ৰৱাআজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান ৰামপুৰ ছলাপথাৰ আব্দুছ ছালাম জাতীয় বিদ্যালয়ৰ পৰা এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ খবৰে সমগ্ৰ নগাঁও জিলাৰ লগতে বটদ্ৰৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিদ্যালয় খনৰ অধ্যক্ষ ছফিকুল ইছলামে জানিবলৈ  দিয়া মতে, বিদ্যালয়খনৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৫ জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে সাহিল হাচানে (৯২.১৬) শতাংশ আৰু হামিদ কাৰজানে (৮৭.৫০) শতাংশ নম্বৰেৰে ডিষ্ট্ৰীংচন লাভ কৰি বিদ্যালয়খনৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

আনহাতে চাৰিজন ছাত্ৰ-ছাত্ৰী ক্ৰমে মৌচিনা আক্তাৰা আলম (৮৪) শতাংশ, গুলজাৰ হুছেইন (৮২.০৫) শতাংশ, আফচানা খাতুন (৮২) শতাংশ আৰু মাচুদ আলমে (৮০.৮৩) শতাংশ নম্বৰেৰে ষ্টাৰ লাভ কৰে।

আনহাতে চাৰিজনে প্ৰথম বিভাগ আৰু অৱশিষ্ট কেইজনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ এশ শতাংশ উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনিছ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.