শ্ৰীকৃষ্ণৰ আশীষপুষ্ট গাই কামধেনুৰ মৃত্যুঃ কোনো পোৱালী জন্ম নিদিয়াকৈয়ে প্ৰতিদিনে মন্দিৰত কৰিছিল দুগ্ধদান

 05/06/2019 - 15:14

ডিজিটেল ডেস্কঃ এজনী বিষ্ময়কৰ গাইগৰু। নাম কামধেনু। সময়ে সময়ে ভগৱানে দেখুৱাই অপাৰ মহিমা। অবিশ্বাস্য যেন লাগিলেও এক সত্য ঘটনাৰ বিষয়ে ক’বলৈ বিচাৰিছো।কৰিমগঞ্জ কানাইবাজাৰস্থিত কানাইলাল জিউৰ মন্দিৰত সংঘটিত হৈছিল এই বিষ্ময়কৰ ঘটনা। বিগত ত্ৰিশ বছৰ ধৰি এটি মন্দিৰত দুগ্ধদান কৰি অৱশেষত দেওবাৰে মৃত্যুৰ ওচৰত হাৰ মানিলে কৰিমগঞ্জৰ “কামধেনু’ খ্যাত গাইজনীয়ে৷

আশ্চৰ্যকৰ কথা যে কোনো পোৱালী জন্ম নিদিয়াকৈয়ে প্ৰতিদিনে দুগ্ধদান কৰি আহিছে কামধেনু নামৰ গাইজনীয়ে।এটা সময়ত গাইজনীয়ে পোৱালি জন্ম নিদিয়াৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে গাইজনী বিক্ৰীৰ সিদ্ধান্ত লৈছিল। কিন্তু সেই সময়ত ভগৱান শ্ৰীকৃষ্ণৰ “সেৱা” আগবঢ়োৱাৰ বাবে অভাৱ হৈছিল গাখীৰৰ। তেতিয়া গাখীৰ যোগানৰ বাবে ভগৱানৰ ওচৰত একেলগে প্ৰাৰ্থনা কৰিছিল মন্দিৰৰ সাতগৰাকীকৈ পূজাৰীয়ে৷ গাখীৰৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ পিছদিনাৰ পৰাই সকলোকে বিষ্মিত কৰি কামধেনুৱে গাখীৰ দিয়া আৰম্ভ কৰিলে।

ত্ৰিশ বছৰ পূৰ্বে গাখীৰ দিয়া যি আৰম্ভ কৰিলে, মৃত্যুৰ পোন্ধৰ দিন আগলৈকে সেই ধাৰা অব্যাহত ৰাখিছিল ভগৱানৰ আশীষপুষ্ট গাইজনীয়ে৷ পোন্ধৰ দিন মৃত্যুৰ সৈতে যুঁজি দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে সকলোৰে মৰমৰ গাইজনীয়ে। কাহিনীৰ দৰে লাগিলেও এয়া আছিল বাস্তৱ সত্য। গাইজনীৰ মৃত্যুত শোকাহত কৰিমগঞ্জৰ সহস্ৰাধিক ভক্ত৷ কামধেনুৰ মৃত্যুত মৰ্মাহত ভক্ত বৃন্দই মৃতদেহত পুষ্পমাল্য অৰ্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ পিচত সম্পূৰ্ণ বৈষ্ণৱ নীতি নিয়মেৰে মন্দিৰ চৌহদত গাইজনীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ কামধেনুৰ মৃত্যুয়ে সমগ্ৰ কৰিমগঞ্জ জিলাত গভীৰ শোকৰ ছাঁ পেলাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।