৮ মে’ত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান মুছলিম স্বায়ত্ব শাসিত পৰিষদৰ

 05/06/2019 - 15:32

ডিব্ৰুগড়: মুছলমান জাতি আৰু ধৰ্মৰ ওপৰত চলি অহা অত্যাচাৰ-নিপিড়নৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অসম মুছলিম স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতি (সুৰক্ষা সমিতি)য়ে অসম বন্ধৰ আহ্বান জনাইছে। অহা ৮ মে’ত পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ১২ ঘণ্টীয়া আহ্বান জনোৱা অসম বন্ধৰ সময়ছোৱাত যদি কোনো অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয়, তেন্তে অসম চৰকাৰ তথা সাম্প্ৰদায়িক ব্যক্তিসকল দায়ী হ’ব বুলি স্পষ্ট কৰি দিছে সমিতিয়ে।

অসম মুছলিম স্বায়ত্ব শাসিত পৰিষদ দাবী সমিতি (সুৰক্ষা সমিতি)ৰ সভাপতি ৰছুল হক বাহাদুৰে এক বাৰ্তাযোগে আৰএছএছৰ দৰে সংগঠন আৰু বিজেপিৰ দৰে ৰাজনৈতিক দলক নেতৃত্ব দিয়া কিছুমান নেতা-পালিনেতাই মুছলমান জাতি আৰু ধৰ্মৰ ওপৰত আক্ৰমণ চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে।

আনহাতে বিধায়ক প্ৰশান্ত ফুকনে ইছলাম ধৰ্মাৱলম্বী লোকসকলক গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰি কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে সমিতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।