জাগুন ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতি: সময়মতে উপস্থিত নহয় চিকিৎসক

 05/06/2019 - 16:55

জাগুন: তিনিচুকীয়া জিলাৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ অন্তৰ্গত জাগুন ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত এতিয়া অপ্ৰীতিকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। দৈনিক চিকিৎসকে কৰ্তব্যত অনুপস্থিত থকাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে একাংশ ৰোগীয়ে। যাৰ ফলত প্ৰায়ে একাংশ ব্যক্তিয়ে অপ্ৰীতিকৰ কাৰ্য সংঘটিত কৰি আহিছে জাগুন স্বাস্থ্য কেন্দ্ৰটোত। যোৱাকালি তেনে এক ঘটনা সংঘটিত হ'ল জাগুন স্বাস্থ্য কেন্দ্ৰটোত।

চিকিৎসক নথকাৰ বাবে শতাধিক লোকে কেন্দ্ৰটোৰ দুৱাৰ খিৰিকী ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। কথমপি গণৰোষৰ পৰা ৰেহাই পায় কেন্দ্ৰটোৰ কৰ্মচাৰীসকল। ঘটনাৰ বিৱৰণী মতে কালি মাজনিশা জাগুন আঞ্চলিক ৰঙালী বিহু সন্মিলন চাবলৈ অহা দৰ্শকক এখন বলেৰ' গাড়ীয়ে প্ৰায় দহজন দৰ্শকক মহতিয়াই লৈ যায়। লগে লগে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা লোকসকলক জাগুন ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাত কেন্দ্ৰটোত চিকিৎসক নোপোৱাত প্ৰায় শতাধিক লোকে কেন্দ্ৰটোৰ দুৱাৰ খিৰিকী ভাঙি চুৰমাৰ কৰে।

এনে পৰিস্থিতি প্ৰায়েই জাগুন স্বাস্থ্য কেন্দ্ৰটোত সংঘটিত হোৱা পৰিলক্ষিত হৈ আহিছে। ইয়াৰ বাবে একমাত্ৰ দায়ী চিকিৎসকসকল বুলি অৱগত কৰিছে বিভিন্নজনে। আনহাতে কেন্দ্ৰটোত দৈনিক প্ৰায় দহ বজাৰ পাছতহে চিকিৎসক উপস্থিত হয় বুলি অভিযোগ উত্থাপন কৰিছে বিভিন্ন ৰোগী আৰু সাধাৰণ ৰাইজে।

তাৰ উপৰি কেন্দ্ৰটোত পৰ্যাপ্ত পৰিমাণৰ বিনামূলীয়া ঔষধ পোৱা নাযায় আৰু ৰোগীসকলক চিকিৎসকে লিখি দিয়া ঔষধসমূহ কেন্দ্ৰটোৰ কাষতে থকা নিৰ্দিষ্ট এখন ব্যক্তিগত ফাৰ্মাচীৰ পৰাহে ক্ৰয় কৰিবলৈ পৰামৰ্শ আগবঢ়াই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। কেৱল নিৰ্দিষ্ট এখন ব্যক্তিগত ফাৰ্মাচীৰ পৰা ঔষধসমূহ ক্ৰয় কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়াত ৰোগী আৰু সাধাৰণ ৰাইজে চিকিৎসক আৰু ব্যক্তিগত ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ মাজত গোপন বুজাবুজি আছে বুলিও অভিযোগ উত্থাপন কৰিছে ৰোগীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।