হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজ্বলিল জিনজিয়াৰ চাৰিগৰাকী ছাত্ৰী

 06/07/2020 - 14:42
 
 
বিশ্বনাথঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্ট্ৰিংচন আৰু ৬টাকৈ বিষয়ত লেটাৰ মাৰ্কসহ সুখ্যাতিৰে শীৰ্ষস্থানত উত্তীৰ্ণ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত জিনজিয়া মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনি গৰাকীকৈ ছাত্ৰীয়ে সমগ্ৰ জিনজিয়ালৈ কঢ়িয়াই আনিলে গৌৰৱ৷ মহাবীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে পবিত্ৰ শৰ্মা ও ৰিণা দত্ত শৰ্মাৰ একমাত্ৰ কন্যা পৰিস্মীতা শৰ্মায়ে ৬টা বিষয়ত লেটাৰ মাৰ্কসহ সৰ্বমুঠ ৫৬৬ নম্বৰ সূৰ্য্য শৰ্মাৰ আৰু সৰীতা দেৱীৰ কন্যা সৃজনা শৰ্মাই ৫৪৭ নম্বৰ আৰু ৰাম প্ৰসাদ শৰ্মাৰ আৰু কমলা দেৱীৰ কন্যা পৰীস্মিতা শৰ্মাই ৫৩৭ নম্বৰসহ ৬টাকৈ বিষয়ত লেটাৰমাৰ্কৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ অন্যহাতে একেখন বিদ্যালয়ৰ ছাত্ৰী শ্যামলাল শৰ্মাৰ দুহিতা দীক্ষা শৰ্মাই সৰ্বমুঠ ৫১০ আৰু চাৰিটা বিষয়ত লেটাৰ মাৰ্কসহ সফলতাৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আনিছে আনন্দোল্লাস৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।