নগৰবেৰা: বানপানীৰ পিছত আন এক দুৰ্যোগে মুৰ দাঙি উঠিছে নগৰবেৰা বাসীৰ বাবে৷ পুখুৰীৰ পানীৰ তীব্ৰ সোঁতে উঠুৱাই নিলে নগৰবেৰা হেকৰা আৰু ধুপধৰা গড়কাপ্তানি পথ৷ দেওবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হয় এই ঘটনা৷ নগৰবেৰা হেকৰা আৰু ধুপধৰা লৈ যোৱা গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথটোৰ কাষত থকা পুখুৰীটো ধাৰাষাৰ বৰষুণৰ পানীৰে ভৰ্তি হোৱাত পথটোৰ তলেদি পানী পাইপ লগাই বাহিৰলৈ উলিয়াই দিয়াৰ সময়ত পানীৰ তীব্ৰ সোতে ঘটালে এই অঘটন৷ মহৰ আলী নামৰ লোক এজন লোকে পুখুৰীটো লৈছিল লিজত৷ ৰাতিপুৱা সংঘটিত এই ঘটনাৰ পিছতে বিচিন্ন হৈ পৰে ৰাইজৰ যোগাযোগ ৷ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই পথটি পানীয়ে উটুৱাই লোৱাৰ ফলত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷
ইপিনে টুপামাৰী আৰু বিদ্যানগৰৰ ৰূপহাৰাত ক'ভিড ১৯ পজিটিভ ৰোগী ধৰা পৰাত সঘনাই চলাচল কৰি আছে ১০৮ গাড়ী। পথটি ভাঙি যোৱাত দুয়ো পাৰে আৱদ্ধ হৈ পৰিছে শ শ যানবাহন আৰু পথচাৰী। ঘটনাস্থলীত অদ্যাপি উপস্থিত হোৱা নাই গড়কাপ্তানী বিভাগৰ কোনো লোক৷ মন্দিৰা আৰক্ষী চকীৰ আৰক্ষীৰ লগতে নগৰবেৰা ৰাজহ চক্ৰৰৰ চক্ৰ বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ৷