চিঠি লিখা প্ৰতিযোগিতাত ৰাজ্যিক ভিত্তিত তৃতীয় স্থান দখল কানন কুন্তলা লুইটেলৰ

 05/06/2019 - 17:33

বিশ্বনাথ: ইতিপূৰ্বে ভাৰতীয় ডাক বিভাগে সমগ্ৰ ভাৰতবৰ্ষত আয়োজন কৰি আহিছে চিঠি লিখা প্ৰতিযোগিতা। সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে ৰাজ্যিক পৰ্যায়ত "মাতৃভূমিলৈ মোৰ চিঠি" শীৰ্ষক বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ অমৰ সৃষ্টিৰ আধাৰত "আমাৰ দেশেৰ মাটি"ৰদ্বাৰা অনুপ্ৰাণিত হৈ এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে।

সেই উদ্দেশ্যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰায় সকলো শৈক্ষিক অনুষ্ঠানত এই বিষয়ে প্ৰচাৰ কৰা হৈছিল আৰু সেইমৰ্মে এই বিষয়টিৰ ওপৰত অনুষ্ঠিত হৈ যোৱা চিঠি লিখা প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ অভ্যাসন বিদ্যাপীঠৰ পৰা চলিত বৰ্ষৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰী কানন কুন্তলা লুইটেলে অসমৰ ভিতৰত তৃতীয় স্থান দখল কৰি সমগ্ৰ বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই উদ্দেশ্যেই বিশ্বনাথ চাৰিআলিৰ মুখ্য ডাকঘৰত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ মাজেৰে প্ৰতিযোগিতাৰ নিয়মাৱলী অনুসৰি ছাত্ৰীগৰাকীক পাঁচ হেজাৰ টকাৰে পুৰস্কৃত কৰা হয়।

উক্ত অনুষ্ঠানত বিশ্বনাথ মুখ্য ডাকঘৰৰ বিষয়া কৰ্মচাৰী উপস্থিত থকাৰ উপৰি ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ লগতে বিশ্বনাথ ডাক উপ সংমণ্ডলৰ পৰিদৰ্শক কাইয়ুম আজাদ উপস্থিত থাকি ছাত্ৰীগৰাকীক উক্ত পুৰস্কাৰ প্ৰদান কৰি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে।

উল্লেখ্য যে বৰ্তমান সময়ত ক্ৰমান্বয়ে চিঠি লিখা যি ধাৰাবাহিকতা হ্ৰাস পাই অহাৰ হেতুকে হাতে লিখা চিঠিৰ যি মাদকতা অথবা জ্ঞান অক্ষুন্ন ৰখাৰ এই বৃহৎ প্ৰচেষ্টাই নৱ প্ৰজন্মৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।