দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে মধ্যাহ্ন ভোজন: প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ ছাত্র-ছাত্রীৰ

 05/06/2019 - 17:55

শ্ৰীৰামপুৰ: বিজেপি চৰকাৰখনে দুৰ্নীতিমুক্ত চৰকাৰ গঢ়াৰ বাবে যিমানেই চেষ্টা নকৰক কিয় একাংশ শিক্ষকেই এতিয়া লিপ্ত হৈছে দুৰ্নীতিত। তাৰ জলন্ত উদাহৰণ হৈছে পৰ্বতঝোৰা শিক্ষা খণ্ডৰ হেমাহিত নামনি অসমৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ অধীনস্হ উত্তৰ জলডোবা প্ৰাথমিক বিদ্যালয়খনত নতুনকৈ অহা প্ৰধান শিক্ষকজনে বিভিন্ন অজুহাত দেখুৱাই দীৰ্ঘদিন ধৰি ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি আহিছে।

১৯৭৯ চনত স্হাপিত ৪২ জন ছাত্ৰ-ছাত্ৰী থকা উত্তৰ জলডোবা প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষককেই চলাই আহিছে পাঠদান। এই সন্দৰ্ভত সংবাদ মাধ্যমে ছাত্ৰ-ছাত্ৰীক সোধ-পোছ কৰাত দীৰ্ঘদিন ধৰি বিদ্যালয়খনত মধ্যাহ্ন ভোজন বন্ধ হৈ আছে বুলি ছাত্ৰ-ছাত্ৰীসকলে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।