ওৰাঙত সন্দেহযুক্ত বাংলাদেশী মহিলা গ্ৰেপ্তাৰ

 05/06/2019 - 18:04

ওৰাং: ৰাজ্যত ক্ৰমাৎ পিয়াপি দি ফুৰিছে অবৈধ বাংলাদেশী নাগৰিক। ওৰাঙত সন্দেহযুক্ত বাংলাদেশী মহিলা গ্ৰেপ্তাৰ কৰা হৈছে। সীমান্ত আৰক্ষী আৰু ওৰাং আৰক্ষীয়ে দেওবাৰে সন্ধিয়াৰ ভাগত ওৰাঙৰ বালিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে সন্দেহযুক্ত বাংলাদেশী মহিলাগৰাকীক।

মহিলাগৰাকীৰ নাম আনোৱাৰা বেগম। ওৰাঙৰ বালিগাঁৱৰ পৰা সন্দেহযুক্ত বাংলাদেশী মহিলা গ্ৰেপ্তাৰ হোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ওৰাং অঞ্চলত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।