প্ৰায় দুমাহ বিৰতিৰ অন্তত মুকলি হ’ল মহাভৈৰৱ মন্দিৰ আৰু হলেশ্বৰ দেৱালয়ৰ দুৱাৰ

 06/08/2020 - 17:00

জামুগুৰিহাট: দেশজুৰি পালন হোৱা তলাবন্ধৰ বাবে বন্ধ হৈ পৰা মন্দিৰ, থান সমূহ সোমবাৰৰ পৰা ভক্তৰ বাবে মুকলি হৈছে। শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰ আৰু হলেশ্বৰ দেৱালয়ৰ দুৱাৰো প্ৰায় দুমাহ বিৰতিৰ অন্তত মুকলি কৰা হ’ল ভক্তৰ বাবে। সোমবাৰে পুৱাই তেজপুৰৰ এই বিশেষ মন্দিৰ দুখনলৈ আগমন ঘটিল ভালেসংখ্যক ভক্তৰ। মহাভৈৰৱ মন্দিৰত ভক্ত সকলে সামাজিক দূৰত্বৰ নিয়ম মানি প্ৰৱেশ কৰিলে মন্দিৰৰ ভিতৰত।

হলেশ্বৰ মন্দিৰত ভক্তৰ সুবিধাৰ বাবে নিয়োজিত কৰ্মচাৰী সকলক তলাবন্ধৰ সময়চোৱাত সমস্যাৰ সন্মুখীন যাতে নহয় তাৰ বাবে সাহায্য প্ৰদান কৰাৰ বিষয়ে জনালে দেৱালয় পৰিচালনা সমিটিৰ বিষয়ববীয়াই। 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.