হাউলীত অবৈধ কাঠৰ দোকানঃ হাজাৰ হাজাৰ টকা ৰাজহৰ পৰা বঞ্চিত বন বিভাগ

 05/06/2019 - 18:22

হাউলী: বৰপেটাৰোড বন বিভাগৰ অন্তৰ্গত হাউলী পৌৰসভাৰ আৱণ্টিত কোঠালিত দীৰ্ঘদিন ধৰি অবৈধভাবে কাঠৰ দোকান দি চৰকাৰক বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত কৰি ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলাৰ এক গুৰুতৰ অভিযোগ উঠিছে। জানিব পৰা মতে হাউলী পৌৰসভা এলেকাত প্ৰায় ৩৫ খনতকৈ অধিক কাঠৰ দোকান চলি আছে। ইয়াৰে ভিতৰত ৭ খনকৈ কাঠৰ দোকানত বন বিভাগৰ স্বীকৃতিপ্ৰাপ্ত অনুজ্ঞ‍াপত্রৰ জৰিয়তে চলি আছে বুলি আৰটিআইৰ এক তথ্যত প্ৰকাশ।

সম্প্ৰতি হাউলী পৌৰসভাৰ আৱণ্টিত কোঠালিত হাউলী ধান বজাৰত ২২ খনকৈ কাঠৰ দোকান চলি আছে। এই দোকান কেইখনে সম্পূৰ্ণ অবৈধভাবে কোনো ধৰণৰ অনুজ্ঞাপত্র নোহোৱাকৈ কাঠৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছে। ফলত অসম চৰকাৰৰ বন বিভাগে প্ৰতি মাহে হাজাৰ হাজ‍ৰ টকাৰ ৰাজহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বুলি অভিযোগ উঠিছে।

হাউলী পৌৰ এলেকাৰ অবৈধ কাঠৰ দোকানসমূহৰ স্বত্বাধিকাৰী, হাউলীৰ স্থানীয় প্ৰশাসন আৰু বৰপেটাৰোড বন বিভাগৰ ৰেঞ্জাৰৰ লগত গোপন বুজাবুজি কৰি বিগত ৪/৫ বছৰ ধৰি এইদৰে ব্যৱসায়ী চলাই আহিছে। পৌৰ এলেকাত কোনোধৰণৰ দোকান দিবলৈ হ'লে পৌৰসভাৰ অনুজ্ঞাপত্রৰ প্ৰয়োজন হয়।

কিন্তু এই ধান বজাৰত অৱস্থিত কাঠৰ দোকানসমূহৰ এখন দোকানৰো পৌৰসভাৰ অনুজ্ঞাপত্র নাই বুলি হাউলী পৌৰসভাই জানিবলৈ দিয়ে। হাউলী পৌৰসভা এলেকাত থকা অবৈধ কাঠৰ দোকানসমূহৰ বিৰুদ্ধে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত স্থানীয় ৰাইজে দাবী জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।