হেকাৰৰ ক‍বলত বিজেপিৰ ৱেবচাইট

 03/05/2019 - 18:20

ডিজিটেল ডেস্ক: ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ ৱেবচাইট হেক কৰা হৈছে। মঙলবাৰে এই তথ্য পোহৰলৈ অহাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বিজেপিৰ কাৰ্য্যালয়ত। www.bjp.org ৱেবচাইটো খোলাৰ লগে লগে error 522 বুলি লিখা আহে আৰু we'll be back soon বুলি মেছেজ আহে। তাৰ উপৰি,নৰেন্দ্ৰ মোডীলৈ অশ্লীল ভাষা প্ৰয়োগ কৰা কিছু মেছেজ আৰু কিছু অপমানজনক ফটোও ৱেবচাইটটোত প্ৰকাশ পাইছে বুলিও কাৰ্য্যালয়ে জানিবলৈ দিছে।

ভাৰতৰ কোনো হেকাৰ সংস্থাই এই ৱেবচাইট হেকৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও পাকিস্তানৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে বিজেপিৰ কাৰ্য্যালয়ে। কাৰণ আগতেও এনে বহু ঘটনা সংঘটিত হৈছে। আনহাতে, বৰ্তমান এই ৱেবচাইটো হেকাৰৰ পৰা মুকলি কৰা হৈছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।