আনৰ ভূমিলৈ লুলুপ দৃষ্টিঃ ডবকাত সাম্প্ৰদায়িক ৰহন সানি ভূমি দখলৰ অপচেষ্টা

 05/06/2019 - 19:01

ডবকা: হোজাই জিলাৰ ডবকাত এজন লোকৰ ভোগ দখলত থকা মাটি আন এজন লোকে কোনো ধৰণৰ বৈধ নথি অবিহনে নিজৰ বুলি দাবী কৰাৰ এক ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বাতৰি অনুসৰি হোজাই জিলাৰ হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীজান মৌজাৰ নাহৰগাওঁ কিছামতৰ ১৩৪ নং ম্যাদি পট্টাৰ ১০৩ দাগৰ দুই কঠা ভূমি স্থানীয় জ্যেষ্ঠ নাগৰিক হাজী আব্দুল হক নামৰ ব্যক্তিগৰাকীয়ে ক্ৰয় কৰে৷ নাহৰ গাঁৱৰ প্ৰয়াত শান্তিভূষণ দাসৰ পুত্ৰ অজয় কুমাৰ দাসে মাটিখিনি বিক্ৰী কৰিছিল৷

২৭ জুন ২০০৫ চনত বিক্ৰী কৰা মাটিডোখৰ হোজাই উপ পঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন হৈ ইতিমধ্যে মাটিখিনিৰ নামজাৰি প্ৰক্ৰিয়াও সম্পন্ন হয়৷ মাটিখিনি বিধি মতে ক্ৰয় কৰাগৰাকী হাজী আব্দুল হকে ভোগস্বত্ব দখল কৰি আহিছে৷ বিগত ১৪ বছৰে মাটিখিনৰ ভোগ দখল কৰি অহা হাজী আব্দুল হকে এইবাৰো বাৰিষাৰ পূৰ্বে মাটিখিন চহাই থকাৰ সময়ত একে গাঁৱৰে পৰিকেশ চন্দ্ৰ ৰায় নামৰ লোকজনে বাধা দিবলৈ যায়৷ বিভিন্ন অপৰাধজনিত কামত জড়িত পৰিকেশ চন্দ্ৰ ৰয়ৰ বিৰুদ্ধে ডবকাত থানাত জালিয়াতিকে ধৰি বিভিন্ন অপৰাধমূলক গোচৰো পঞ্জীয়ন হৈ আছে৷

সম্প্ৰতি ডবকা থানাত ১৮৭/১৩ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৪৬৮/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন হৈ আছে৷ সেই ব্যক্তিজনেই হাজী আব্দুল হক নামৰ ডবকাৰ প্ৰতিষ্ঠিত ব্যক্তিগৰাকীক নিজৰ মাটিত গৈ বাধা দিয়ে৷ শেষত গৈ সমগ্ৰ বিষয়টো ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞাৰ তৎপৰতাত শান্ত হয়৷ পৰিকেশ চন্দ্ৰ ৰায় নামৰ লোকজনে আনৰ মাটি নিজৰ বুলি দাবী কৰিবলৈ যাওতে সমগ্ৰ বিষয়টো সাম্প্ৰদায়িক ৰহন সানিবলৈ চেষ্টা চলাইছিল যদিও ডবকা আৰক্ষীয়ে সেই চেষ্টাও ব্যৰ্থ কৰে৷

উল্লেখ্য যে ডবকাৰ প্ৰতিষ্ঠিত জ্যেষ্ঠ নাগৰিক হাজী আব্দুল হকে ভূমিখিনি অজয় কুমাৰ দাস নামৰ লোকজনৰ পৰা ক্ৰয় কৰিছিল৷ সেই লোকজনে মাটি-বাৰী বিক্ৰী আইনৰ যোগেদিয়েই মাটিখিনি হাজী আব্দুল হকক চমজায়ো দিছে৷ হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত নাহৰগাওঁ কিছামতৰ এই ৪০ লোছা ভূমিৰ উত্তৰে ডবকা-যোগীজান সংযোগী ৰাস্তা, দক্ষিণে হৰিপদ চন্দ্ৰ ৰায়, পূবে কৃষ্ণ চন্দ্ৰ ৰায় আৰু পশ্চিমে হৰিপদ চন্দ্ৰ ৰায়ৰ মাটি আছে৷ উল্লেখিত ভূমিখিনি হাজী আব্দুল হকে ২০০৫ চনৰ পৰা ভোগ দখল কৰি আহিছে৷

হঠাৎ পৰিকেশ চন্দ্ৰ ৰায় নামৰ লোকজনে নিজৰ মাটি বুলি দাবী কৰি এক সাম্প্ৰদায়িক ৰহন সনাৰ ঘটনাই ডবকাৰ নাগৰিক সমাজক ক্ষুণ্ণ কৰি তুলিছে৷ এতিয়া প্ৰশ্ন হয়, যদি ভূমিখিনিৰ গৰাকী সঁচাকৈয়ে পৰিকেশ চন্দ্ৰ ৰায় নামৰ লোকজন আছিল, তেন্তে কিয় বিগত ১৪ বছৰে হোজাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত গৈ আপত্তি দাখিল কৰা নাছিল ? কিয় উপ পঞ্জীয়কৰ কাৰ্যালয়ত গৈ নিজৰ আপত্তি দাখিল কৰা নাছিল ?

বৰ্তমান মাটিখিনি হাজী আব্দুল হকৰ দখলত আছে আৰু সেইমতে তেওঁ ভোগ দখলো কৰি আহিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।