ৰহা আমচৈৰ ডালিমবাৰিত ক'ৰনাত আক্ৰান্ত হৈছে এটি ডেৰ বছৰীয়া শিশু

 06/09/2020 - 13:33

ৰহা: ৰহা আমচৈৰ ডালিমবাৰিত ক'ৰনাত আক্ৰান্ত হৈছে এটি ডেৰ বছৰীয়া শিশু। পিতৃ-মাতৃৰ সৈতে মহাৰাষ্ট্ৰৰ পৰা ৩‍১ মে'ত বিমানেৰে গুৱাহাটীলৈ আহি তাৰ পাছত বাছেৰে তেওঁলোকক নগাঁও নেহেৰুৱালিত স্বাস্থ্যপৰীক্ষা কৰে আৰু নিজ গৃহত হোম কোৱাৰেণ্টাইন কৰা হয়। সোমবাৰে নমুনা পৰীক্ষাৰ ফলাফলত শিশুটিৰ দেহত ক'ভিড ১৯ পজিটিভ অহাত শিশুটোক নিজ ঘৰৰ পৰা নগাঁও জিলাৰ স্বাস্থ্যকৰ্মীয়ে শিশু টিক মাক দেউতাকৰ সৈতে নগাঁও ক'ভিড চিকিৎসালয়লৈ লৈ যায়। শিশুটোৰ পিতৃৰ নাম জগদীশ চৰকাৰ আৰু আক্ৰান্ত হোৱা শিশুটিৰ নাম নীল চৰকাৰ।

আনহাতে ৰহাৰ দেওবালিত আক্ৰান্ত হৈছে একেটা পৰিয়ালৰ তিনিজনকৈ লোক। কোনো ট্ৰেভেল হিষ্ট্ৰী নথকা এই পৰিয়ালটোলৈ কেনেকৈ ক'ৰনা সংক্ৰমিত হ'ল সেইলৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। আক্ৰান্তসকল হৈছে প্ৰফুল্ল দাস (৫০), জ্যোতি দাস (১৮), লক্ষ্য জ্যোতি দাস (২০)। তেওঁলোকক নিশাই স্বাস্থ্য কৰ্মীয়ে নগাঁৱৰ হস্পিতালৈ লৈ যায়

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.