ৰঞ্জন গগৈক বৃহৎ সকাহ: গগৈক ক্লীনশ্বীট জাৰি উচ্চতম ন্যায়ালয়ৰ

 05/06/2019 - 19:50

গুৱাহাটী: মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ক্লীনশ্বীট জাৰি কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ আভ্যন্তৰীণ তদন্তৰ পাছত ক্লীনশ্বীট জাৰি ৰঞ্জন গগৈক। ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তি নাই বুলি প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে। তিনিগৰাকী ন্যায়াধীশে প্ৰতিবেদন দাখিল কৰে।

ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল এগৰাকী মহিলাই। অভিযোগৰ পাছতেই হাউছ কমিটী গঠন কৰিছিল উচ্চতম ন্যায়ালয়ে।

হাউছ কমিটীৰ প্ৰতিবেদনে বৃহৎ সকাহ দিলে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।