চিৰাঙৰ বিজনীৰ বৰপথাৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন

 05/06/2019 - 20:10

বিজনী: কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিৰাং জিলাৰ বৰপথাৰস্থিত বৰপথাৰ এমই স্কুলত স্থাপন কৰা ৩৩ আৰু ৩৪ নম্বৰ কেন্দ্ৰত ভোট গ্ৰহণ সম্পন্ন হয়। ভোটাৰ কেন্দ্ৰত পুৱাৰ পৰা শাৰীপাতি ভোটদান কৰে ভোটাৰ ৰাইজে।লক্ষ্যণীয় যে প্ৰায় ১ কি:মি: নিলগৰ পৰা আহিছে এগৰাকী ভোটাৰ।

ভোটাৰগৰাকী ১নং বৰপথাৰ গোলাপাৰ গাঁৱৰ ধৰিত্রী ৰায়(৩৫)। বিশেষভাৱে সক্ষম এইগৰাকী মহিলাই হাতত চকী এখনৰ সহায়লৈ আহিছিল ভোটকেন্দ্ৰলৈ। সংবাদ মাধ্যমৰ সৈতে সাক্ষাত হোৱাত তেওঁ কয় যে চৰকাৰৰ ফালৰ পৰা সা- সুবিধা নাপালেও ভোট প্ৰদান কৰাটো তেওঁৰ অধিকাৰ।

৫ বজাৰ লগে লগে ভোটকেন্দ্ৰ দুটাত প্ৰায় ৮৬% ভোটগ্ৰহণ হয়। ভোটকেন্দ্ৰ দুটাত শান্তিপূৰ্ণ ভাৱে ভোট গ্ৰহণ সম্পন্ন হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।