কাৰাবন্দীৰ দপদপনি চলিছে গোলাঘাট জিলা কাৰাগাৰত

 05/06/2019 - 20:22

সৰুপথাৰ: অপৰাধ জনিত ঘটনা সংঘটিত কৰি কাৰাবাস খটা একাংশ কাৰাবন্দীৰ দপদপনি চলিছে এতিয়া কাৰাগাৰত। কোনোৱে যদি ঘৰৰ অথবা আত্মীয়ক লগ কৰিবলৈ গৈছে তেনেহ'লে এইসকল কাৰাবন্দীক দিব লাগে ধন। নহ'লে লগ পোৱাৰ পৰা বঞ্চিত হয়।

এনেদৰে কাৰাবন্দীৰ সন্ত্ৰাস চলিছে এতিয়া গোলাঘাট জিলা কাৰাগাৰত। এই অভিযোগ তুলিছে বৰপথাৰৰ এগৰাকী মহিলাই। কেৱল নিজৰ মানুহক লগ কৰিবলৈ গ'লে ধন দিব লাগে তেনে নহয় কাৰাবন্দীক পইচা নিদিলে কোনো ব্যক্তিৰ জামিনৰ কাগজ-পত্ৰ নাপায়গৈ জেইলাৰৰ ওচৰ।

ধন লোৱাতেই ক্ষান্ত নাথাকি কাৰাগাৰৰ ভিতৰত চলাই গৈছে কেপি ,ৰজনীগন্ধা, গুটখাৰ দৰে নিচাজাতীয় দ্ৰব্যৰ অবাধ বেহা। জেইলাৰৰ সন্মতি অবিহনে কাৰাগাৰত কাৰোৰে প্ৰৱেশ বা প্ৰস্থান সম্ভৱ নহয়। তেনেস্থলত কাৰ সাহসত কাৰাগাৰৰ ভিতৰত এনে দুষ্কার্য চলাই গৈছে কাৰাবন্দীয়ে। নে জেইলাৰৰ জ্ঞাতসাৰেই কাৰাগাৰত চলি আছে এনে দুষ্কার্য।

সেইটোহে এতিয়া সকলোৰে বাবে বিচাৰ্যৰ বিষয়। জেইলাৰৰ জ্ঞাতসাৰেই যদি কাৰাগাৰত এনে দুষ্কার্য চলি আছে তেনেহ'লে মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।