স্বামী গৃহৰ পৰা প্ৰেমিকৰ লগত পলায়ন: পুত্ৰক নৈত পেলাই দিয়াৰ চেষ্টা পাষাণ মাতৃৰ

 05/07/2019 - 11:58

কলগাছিয়া: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কৰাৰকুৰ বেকী নদীৰ পাৰত এগৰাকী পাষাণ মাতৃয়ে নিজ পুত্ৰক বেকী নৈত পেলাই দিবলৈ চেষ্টা কৰা অৱস্থাত ৰাইজে আটক কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত গৰাইমাৰী গাঁওৰ মাজম আলীৰ পত্নী মনোৱাৰা খাতুনসহ পুত্ৰ সন্তান মঞ্জিবুল হুছেইনক কলগাছিয়াৰ কদম আলীৰ পুত্ৰ ছাদ্দাম হুছেইনে পলুৱাই আনে। পিছত কৰাৰকুৰৰ বেকী নৈৰ দলঙৰ পৰা পাষাণ মাতৃ মনোৱাৰা খাতুন আৰু ছাদ্দাম হুছেইনে পুত্ৰ মঞ্জিবুলক পেলাই দিবলৈ চেষ্টা কৰি থকা অৱস্থাত ৰাইজে হাতে-লোটে কৰায়ত্ত কৰে।

পিছত ৰাইজে শোধ-পোচ কৰাত মঞ্জিবুলৰ বিদ্যালয়ৰ পৰাই মনোৱাৰা খাতুনক পলুৱাই অনা বুলি জানিব পৰা গৈছে। ইফালে ৰাইজে প্ৰেমিক যুগলক উত্তম-মাধ্যম দি কলগাছিয়া আৰক্ষীক গতাই দিয়ে।

ইতিমধ্যে স্বামী গৃহৰ লোকে মনোৱাৰা খাতুনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।