দৰঙৰ দলগাঁৱত ভয়ংকৰ পথ দূৰ্ঘটনা

 05/07/2019 - 12:14

দলগাঁৱ: তেজপুৰ-গুৱাহাটী বিপৰীতমুখী দুখন ট্ৰাকৰ মাজত নিশা মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষত থিতাতে নিহত হয় ট্ৰাক দুখনৰ দুই চালক। লগতে এজন হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনাটো।

মালভৰ্তি ট্ৰাক দুখনৰ সংঘৰ্ষৰ ফলত সন্মুখৰ অংশ চুৰ্ণ বিচূৰ্ণ হৈ পৰে। আহত হেণ্ডিমেনজনক হস্পিতাললৈ প্ৰেৰণ কৰা হয়। গাড়ী দুখনৰ নম্বৰ WB-41F-4968 আৰু BR-06GC-6042। আহত হেণ্ডিমেনজনক চিনাক্ত কৰিব পৰা হোৱা নাই যদিও বিহাৰৰ বুলি জানিব পৰা গৈছে।

নিহত চালক দুজনৰ লগতে গুৰুতৰভাৱে আহত হেণ্ডিমেনজনো বৰ্তমান মংগলদৈ অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।