মঙলদৈত কোৱাৰেণ্টাইনত থকা ডাক্তৰ, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীৰ প্ৰথমটো দলক আনুষ্ঠানিকভাৱে বিদায়

 06/10/2020 - 16:41
 
মঙলদৈঃ মঙলদৈ অসামৰিক চিকিৎসালয়ত ক'ৰণা ৰোগীৰ চিকিৎসাত ব্ৰতী হৈ থকা ডক্তৰ, নাৰ্চ আৰু স্বাস্থ্যকৰ্মী সকলক সাতদিন চিকিৎসা সেৱাৰ অন্তত সাতদিন কোৱাৰেণ্টাইনত থকা প্ৰথমটো দলক কোৱাৰেণ্টাইনৰ পৰা বিদায় দিয়ে জিলা স্বাস্থ্য বিভাগে। মঙলদৈ অসামৰিক চিকিৎসালয়ত ডাক্তৰ, নাৰ্চ, আৰু চিকিৎসাকৰ্মী সকলক তিনিটা গোট কৰি সাত দিনৰ বাবে ক'ৰণা ৰোগী চিকিৎসা সেৱাত ব্ৰতী হোৱাৰ পিছত সাতদিন কোৱাৰেণ্টাইনত ৰখা হয়। তাৰে প্ৰথমটো দলক কোৱাৰেণ্টাইনৰ পৰা আনুষ্ঠানিকভাবে বিদায় দিয়ে। ডাক্তৰ, নাৰ্চ আৰু স্বাস্থ্যকৰ্মী কোৱাৰেণ্টাইনত থকা সময়ত কোনো ধৰণৰ ক'ৰণা সম্পকীয় লক্ষণ পৰিলক্ষিত নোহোৱাত তেওঁলোকৰ শ্লেষ সংগ্ৰহ কৰি তেওঁলোকক ঘৰলৈ যাব দিয়া হয়। অৱশ্যে তেওঁলোকৰ শ্লেষৰ এতিয়ালৈকে ফলাফল আহি পোৱা নাই। মঙলদৈৰ হোটেল সিদ্ধাৰ্থৰ পৰা বিদায় দিয়াৰ আগ মুহূৰ্তত এক অনুস্থান অনুষ্ঠিত কৰি চিকিৎসাকৰ্মী সকলক গামোচা আৰু ফুল ছটিয়াই কোৱাৰেন্টটাইনৰ পৰা বিদায় জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ সমষ্টিৰ যুৱ বিধায়ক গুৰুজ্যোতি দাস, মঙলদৈ নগৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰতাপ বৰদলৈৰ লগতে বিভিন্ন দল সংগঠন আৰু বহু কেইজন চিকিৎসা বিষয়াই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।