গুৱাহাটীত শিশু শিক্ষা সমিতি অসমৰ পূৰ্ণকালীন কাৰ্যকৰ্তাসকলৰ বৈঠক

 05/07/2019 - 12:28

উত্তৰ গুৱাহাটী: আধাৰভূত পঞ্চপদী শিক্ষা ব্যৱস্থাৰ দ্ৰুত সম্প্ৰসাৰণৰ লক্ষ্য আগত ৰাখি শিশু শিক্ষা সমিতি, অসমৰ পূৰ্ণকালীন কাৰ্যকৰ্তাসকলৰ এখন বৈঠক সোমবাৰে গুৱাহাটীস্হিত অসম প্ৰকাশন ভাৰতীৰ সভাগৃহত অনুষ্ঠিত হয়। বৈঠকত সমিতিৰ সাধাৰণ সম্পাদক কুলেন্দু কুমাৰ ভাগৱতী আৰু সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে আগন্তুক কাৰ্যক্ৰমবোৰ কেনেকৈ সম্পাদন কৰিব লগতে শিশু শিক্ষা সমিতিৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনত কৰ্মৰত আচাৰ্য-আচাৰ্যাসকলৰ প্ৰশিক্ষণ ক'ত কেনেকৈ আয়োজন কৰা হ'ব আদি বিষয়ত হোৱা আলোচনাৰ আঁত ধৰে।

বৈঠকত শিশু শিক্ষা সমিতিৰ ২৪ গৰাকী পূৰ্ণকালীন কাৰ্যকৰ্তা উপস্থিত আছিল। বৈঠকত সত্ৰত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক আৰু বিদ্যা ভাৰতীৰ নৱ গঠিত অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সাধাৰণ সম্পাদক ব্ৰহ্মাজী ৰাৱে বৈঠকত ভাগ লোৱা সকলো কাৰ্যকৰ্তাক মানৱ সম্পদ গঢ়াৰ মহান কামত নিস্বাৰ্থভাৱে কাম কৰিবলৈ আহ্বান জনায়।

ইয়াৰ পিছতে আয়োজন কৰা শিশু শিক্ষা সমিতি অসমৰ পূৰ্ণকালীন বৈঠকখনৰ সামৰণি মাৰি আয়োজকসকলে বৈঠকত উপস্থিত আটাইকে ধন্যবাদ জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।