বৰপেটাত নিৰ্ধাৰিত সময়ত এনআৰচিৰ শুনানীৰ জাননী নিদিয়াৰ অভিযোগ জিলা আমছুৰ

 05/07/2019 - 12:39

হাউলী: সমগ্ৰ অসমতেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এনআৰচি)ৰ কাম উচ্চতম ন্যায়্যালয়ৰ তত্বাৱধানত চলি আছে। সম্প্ৰতি এনআৰচিৰ আন আন জিলাৰ লগতে বৰপেটা জিলাতো শুনানী (হিয়াৰিং)ৰ কাম পূৰ্ণ তৎপৰতাৰে চলি থকা পৰিলক্ষিত হৈছে।

বিগত কিছুদিন ধৰি বৰপেটা জিলাত শুনানীৰ নামত সাধাৰণ ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি জিলা আমছুৱে অভিযোগ উত্থাপন কৰিছে। বিশেষকৈ এনআৰচিৰ এচঅ'পিৰ নিয়ম অনুযায়ী হিয়াৰিংৰ বাবে ১৫ দিনৰ আগত পৰিয়ালক জাননী প্ৰেৰণ কৰিব লাগে।

কিন্তু এই জাননীসমূহ হিয়াৰিং অনুষ্ঠিত হোৱা তাৰিখৰ দুদিনমান আগতহে পৰিয়ালৰ লোকে জাননী পাই আহিছে ফলত নানা দিশত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি বৰপেটা জিলা আমছুৰ সভাপতি নজৰুল ইছলাম আৰু সাধাৰণ সম্পাদক ৰহিদুল শিকদাৰে অভিযোগ উত্থাপন কৰিছে।

উক্ত ঘটনা সন্দৰ্ভত কালি জিলা উপায়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলা উপায়ুক্তই ইয়াৰ ওপৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।