চিৰাঙৰ বিজনীৰ বাঘমাৰা দুলানী নৈত কণমানি শিশুৰ মৃতদেহ উদ্ধাৰ

 06/11/2020 - 13:18
 
 
বিজনীঃ চিৰাঙৰ বিজনীৰ বাঘমাৰা দুলানী নৈৰ পানী যুঁৱলীত কণমানি শিশুৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো বঙাইগাঁৱৰ ১ নং বাঁহবাৰী নিবাসী নিখিল মণ্ডলৰ কন্যাসন্তান নিকিতা মণ্ডল(4)। দীৰ্ঘদিনৰ পৰা মাক অনিমা মণ্ডলৰ সৈতে বাঘমাৰাস্থিত নৃপেন মণ্ডল তথা মামাৰ ঘৰত আশ্ৰয় লৈ আছিল মাতৃসহ কন্যা নিকিতা মণ্ডল। মঙলবাৰে বিয়লীৰ পৰা নিখোজ হৈ আছিল নিকিতা। কোন নৰাধমে বলৎকাৰ কৰি হত্যা কৰাৰ সন্ধে স্থানীয় লোকৰ তথা দল সংগঠনৰ। উপযুক্ত তদন্তৰ দাবী ঘটনাস্থলিত বিজনীৰ আৰক্ষী উপস্থিত। মৃতদেহ উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।
 
       
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।