ৰাজহুৱা খণ্ডৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ৰাষ্ট্ৰজোৰা বিক্ষোভ প্ৰদৰ্শন

 06/11/2020 - 19:03

 উত্তৰ গুৱাহাটী: ভাৰতীয় মজদুৰ সংঘ আৰু ভাৰতীয় ৰে'লৱে মজদুৰ সংঘৰ আহ্বানমৰ্মে অহা ১০ জুন বুধবাৰে দিনজোৰা কাৰ্যসুচীৰে সমগ্ৰ উত্তৰ পূব সীমান্ত ৰে'লত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী অনুষ্ঠিত হয়।

চৰকাৰী আৰু ৰাজহুৱা খণ্ডত ব্যাপক ৰূপত জধেমধে ব্যক্তিগতকৰ আৰু নিগমীকৰ কৰাৰ একপক্ষীয় সীদ্ধান্তৰ বিৰোধিতা পূৰ্ব্বোত্তৰ সীমান্ত ৰে'লৱে সংঘৰ সভাপতি ভূপেন ডেকা আৰু সাধাৰন সম্পাদক জিতু হাজৰিকা নেতৃত্বত গুৱাহাটী মালিগাঁৱৰ উত্তৰ পূব সীমান্ত ৰে'লৱে মূখ্য কাৰ্যালয় সন্মুখত ধৰ্ণা ও অৱস্থান ধৰ্মঘট কৰে। দেশৰ ডিফেঞ্চ ফেক্টৰী ব'ৰ্ডত ব্যাপক হাৰত ব্যক্তিগতকৰ আৰু নিগমীকৰন, কয়লা খণ্ডক ব্যৱসায়ীকৰ, বেংক বীমাক ব্যক্তিগতকৰ আৰু অত্যাধিক হাৰত বিদেশী বিনিয়োগ গঢ়ি তুলি দেশ আৰু শ্ৰমিক সমাজলৈ যি সৰ্বনাশ মাতি আনিছে তাৰ বিৰোধিতা কৰি যাব বুলি সকীয়াই দিয়ে৷

ৰাষ্ট্ৰব্যাপীহ্বান জনোৱা" ৰাজহুৱা খণ্ডক ৰক্ষা কৰক, ভাৰত বচাওক" এই প্ৰতিবাদী ভাষা আৰু বিক্ষোভ প্ৰদৰ্শনেৰে উত্তাল কৰি তোলে শ্ৰমিকসকলে। ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতীয় মজদুৰ সংঘ আৰু ভাৰতীয় ৰে'লৱে মজদুৰ সংঘৰ লগতে পূৰ্ব্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘই কেন্দ্ৰীয় চৰকাৰৰ এই ৰাষ্ট্ৰবিৰোধী, উদ্যোগবিৰোধী আৰু শ্ৰমিকবিৰোধী অবিবেচক সিদ্ধান্ত প্ৰত্যাহাৰ নকৰালৈকে তীব্ৰ আন্দোলন চলাই থাকিবলৈ বদ্ধপৰিকৰ বুলি বিবৃতিত উল্লেখ কৰে৷

পূৰ্বসুৰীসকলে গঢ়ি থৈ যোৱা ৰাষ্ট্ৰৰ এই অমূল্য সম্পদ বিক্ৰী কৰিবলৈ চৰকাৰৰ কোনো নৈতিক অধিকাৰ নাই, এই কথাও স্মৰ কৰিবলৈ সোঁৱৰাই দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.