বিশ্বৰ প্ৰদূষিত চহৰৰ শীৰ্ষ স্থানত গুৰুগ্ৰাম

 03/05/2019 - 18:55

ডিজিটেল ডেস্ক: বিশ্বৰ সকলোতকৈ বেছি প্ৰদূষিত ১০খন চহৰৰ তালিকাত স্থান লাভ কৰিছে ভাৰতৰ ৭খন চহৰে।

তাৰে ভিতৰত ৫খনেই আছে ৰাজধানী চহৰ দিল্লীত। অলপতে প্ৰকাশ পোৱা এক অধ্যয়ন অনুসৰি,দিল্লীৰ সমীপ‍‍‍ৱৰ্তী গুৰুগ্ৰাম চহৰে বিশ্বৰ সবাতোকৈ বেছি প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছে।

অপেচাদাৰী সংস্থা আইকিউএয়াৰ এয়াৰ ভিজুৱেল আৰু গ্ৰীণপিচে প্ৰকাশ কৰা মতে, ভাৰতৰ ভিতৰত গুৰগাঁও,গাজিয়াবাদ,ফৰিদাবাদ,ভিৱাদী,নয়দা,পাটনা আৰু লক্ষ্ণৌৰ নামো প্ৰদূষিত চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

তাৰ উপৰিও পাকিস্তানৰ দুখন চহৰ লাহোৰ আৰু ফইচলাবাদ আৰু চীনৰ এখন চহৰ হ'টানৰ নামো এই তালিকাত আছে।

তদুপৰি, এই তালিকাৰ ১১নং স্থানত আছে ৰাজধানী চহৰখন। বিশেষজ্ঞসকলে জনোৱা মতে, এই প্ৰদূষণৰ ফলতেই মানুহৰ মাজত বৃদ্ধি পাইছে কেন্সাৰ, ষ্ট্ৰোক, হাৰ্ট এটেকৰ দৰে বিভিন্ন প্ৰাণঘাটী ৰোগ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.