অসামাজিক কাৰ্যৰ ঘাটিত পৰিণত হৈছে ৰূপহীহাট: লিখিত অভিযোগ দাখিল

 05/07/2019 - 13:48

জুৰীয়া: অসামাজিক কাৰ্যৰ ঘাটিত পৰিণত হৈছে নগাওঁ জিলাৰ ৰূপহীহাটৰ বিভিন্ন অঞ্চল। বিশেষকৈ ড্ৰাগচ, মদ, জুৱাৰ অৱাধ প্ৰচলনে ধ্বংসৰ গৰাহলৈ নিছে নতুন প্ৰজন্মক। এচাম অসাধু ব্যৱসায়ী তথা অসামাজিক লোকে মুকলিকৈ চলাই গৈছে এই বৰবিহ স্বৰূপ ব্যাধি।

এই ক্ষেত্ৰত স্থানীয় প্ৰসাশনে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভিত হৈ পৰিছে বিজেপি নেতা জাকাৰিয়া হক চৌধুৰীৰ লগতে অঞ্চলটোৰ লোকসকল। ৰাইজৰ অভিযোগ মতে ৰূপহীহাট বজাৰ, ছাইদৰীয়া, লাওঁখোৱা, আমবাগান, গড়াজান আদি অঞ্চলত দীৰ্ঘদিন ধৰি চলি আছে এনে অসামাজিক কাৰ্য।

যাৰফলত অঞ্চলটোৰ একাংশ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলটোৰ যুৱক যুৱতীৰ জীৱন অন্ধকাৰৰ দিশে গতি কৰিছে। অসামাজিক কাম অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী তুলিছে সচেতন নাগৰিক সমাজে।

আনফালে সমষ্টিটোৰ বিভিন্ন এলেকাত অবৈধভাবে ইটাভাটাত শিশু শ্ৰমিক নিয়োগ থকাৰ অভিযোগ তুলিছে বিজেপিৰ নেতাজনে । নগাওঁ জিলা উপায়ুক্ত কাৰ্যালয়ত এই  অসামাজিক কামৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে নেতাজনে।

মদ, জুৱা, ড্ৰাগচ আৰু তীৰ খেলৰ বিৰুদ্ধে কালি লিখিত অভিযোগ দিলে জাকাৰিয়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।