নলবাৰীৰ বাহজানীত বাঘৰ আতংক

 05/07/2019 - 13:54

নলবাৰীঃ নলবাৰীৰ বাহজানীত ওলাইছে বাঘ।বিগত এসপ্তাহে স্থানীয় লোকে শুনিছে বাঘৰ গোঁজৰণি।সম্প্ৰতি বাঘৰ আতংকত আতংকিত গঞা৷বাঘ বিচাৰি গঞাৰ হাতে হাতে দা,কুঠাৰ,লাঠি। যোৱানিশা বাহজানী গৰোকনা চুবুৰীত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা বাঘ।

লগে লগে গাওঁখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।বাঘ দেখি ৰাইজে হাতে হাতে লাঠি দা,হাতত লৈ বাঘ বিচাৰি ফুৰিল ওৰে নিশা৷ দেখা পোৱা গৈছে বাঘৰ খোজৰ চিন। লগে লগে বন বিষয়া আৰু প্ৰশাসনক দিয়া হ’ল খবৰ। বনকৰ্মী ঘটনাস্থলী উপস্থিত নহ’ল৷ বৰ্তমানো অব্যাহত আছে আতংক। বাঘটো বিছাৰি কৰায়ত্ত কৰিবলৈ বনবিভাগক ৰাইজৰ কাতৰ আহ্বান। কিন্তু বাঘ বিছাৰিবলৈ এতিয়ালৈকে উপস্থিত হোৱা নাই বনকৰ্মী। বাঘৰ আতংকত এতিয়াও অঞ্চলজুৰি আতংকময় পৰিৱেশ বিৰাজ কৰি আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।