প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত কৰ'না আতঙ্ক

 06/12/2020 - 14:40

উত্তৰ গুৱাহাটী: দেশৰ আগশাৰীৰ প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত কৰ'না আতঙ্ক। আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি চিঠাৰামনৰ অবিবেচক কাণ্ডই আতঙ্কিত কৰিছে শিক্ষা প্ৰতিষ্ঠানখনিত। আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি চিঠাৰামনে ভৰিৰে মোহাৰিছে কৰ'না সংক্ৰান্তীয় সকলো নীতি নিয়ম। এই সপ্তাহৰ মঙ্গলবাৰে বাংগালুৰুৰ পৰা আহিছিল সঞ্চালক টি জি চিঠাৰমন। বহি:ৰাজ্য ভ্ৰম কৰি আহি সঞ্চালক গৰাকী হোৱা নাছিল কোৱাৰেন্টিন। কোৱাৰেন্টিনত থকাৰ পৰিৱৰ্তে আই আই টি গুৱাহাটীত কেইবাখনো সভাত অংশগ্ৰহ কৰিছিল সঞ্চালক গৰাকীয়ে। 

তাৰোপৰি ভাৰতীয় মানৱ সম্পদ মন্ত্ৰী ৰমেশ পোখৰিয়াল ভিডিঅ' কনফাৰেঞ্চৰ জড়িয়তে আই আই টি গুৱাহাটীৰ ৰেংকিং প্ৰচাৰ সংক্ৰান্তীয় বিষয়ৰ সভাতো অধ্যাপক সকলৰ সৈতে অংশ লৈছিল সঞ্চালক গৰাকীয়ে। যাৰ ফলত এতিয়া উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ সৰ্বত্ৰে আতঙ্ক। তিনিমাহৰ পাছত বাংগালুৰুৰ পৰা আহি ২৪ ঘন্টা নহওঁতেই সতীৰ্থ অধ্যাপকৰ সৈতে বৈঠকত বহিছিল সঞ্চালক টি জি চিঠাৰামন।

বহি:ৰাজ্যৰ পৰা আহি সঞ্চালক গৰাকীয়ে হোম কোৱাৰেন্টাইন অমান্য কৰি উপ-সঞ্চালক, জ্যেষ্ঠ অধ্যাপক আৰু ডিনৰ সৈতেও কৰিছিল ৰুদ্ধদাৰ বৈঠক। আই আই টি গুৱাহাটীৰ তিনিহাজাৰ আবাসীৰ জীৱনক লৈ ল'ৰা ধেমালি সঞ্চালক টি জি চিঠাৰামনৰ ।সঞ্চালক গৰাকীৰ কাণ্ডজ্ঞানহীন কাৰ্যক গৰিহণা সচেতন মহলৰ।

সঞ্চালক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ জিলা উপায়ুক্তক দাবী সচেতন মহলৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.