বৰপথাৰবাসীৰ বিপদসংকুল নৌকা যাত্রা পুনৰ আৰম্ভ: কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

 05/07/2019 - 14:36

সৰুপথাৰ: গোলাঘাট জিলাৰ বৰপথাৰ টেঙানীৰ অৰ্ধশতাধিক গাঁওবাসীৰ বিপদসংকুল নৌকা যাত্রা পুনৰ আৰম্ভ হ'ল। গাঁঠীৰ ধনেৰে ধনশিৰি নদীৰ আলিচিঙা পাৰঘাটৰ ওপৰত নিৰ্মাণ কৰা বাঁহৰ দলঙখন উটুৱাই নিলে নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ধনশিৰি নদীৰ বাঢ়নী পানীয়ে। এখন পকী দলঙৰ বাবে চৰকাৰৰ ওচৰত বহু আবেদন নিবেদন কৰিও আজিলৈকে একো সুফল লাভ নকৰিলে বৰপথাৰবাসীয়ে।

টুলুঙা নাওঁখনেই এতিয়া টেঙানীৰ অৰ্ধশতাধিক গাঁওবাসীৰ যাতায়াতৰ সমল। টুলুঙা নাৱেৰে বিপদ সঙ্কুল যাত্ৰাৰে নিজৰ নিজৰ কৰ্মলৈ যাব লাগে উক্ত অঞ্চলৰ ৰাইজ। স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও নাৱেৰে যাব লাগে। ১০৮ সেৱাৰ পৰাও বঞ্চিত হ'ল আলিচিঙা পাৰঘাটৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ।

এতিয়া বিপদসংকুল নৌকা যাত্রাৰে ৰোগীক ধনশিৰি নদী পাৰ কৰি চিকিৎসাৰ বাবে নিব লাগে গোলাঘাটলৈ। বিগত সময়ছোৱাত টুলুঙা নাৱেৰে ৰোগীক পাৰ কৰাই চিকিৎসাৰ বাবে নিওঁতে মৃত্যু পৰ্যন্ত হৈছিল ৰোগীৰ। ইমানৰ পিছতো কিন্তু গা নলৰিল পৰিৰ্ৱতনকামী চৰকাৰখনৰ।

আজিলৈকে নকৰিলে এখন পকী দলঙৰ ব্যৱস্থা। কেতিয়াকৈ চৰকাৰে টেঙানীৰ এই বিপদসংকুল নৌকা যাত্রাৰ অৱসান ঘটাই সেইয়াহে লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।