গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী বাছ দুৰ্ঘটনাগ্ৰস্ত

 05/07/2019 - 14:49

গুৱাহাটীঃ গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন নৈশ বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। বাছখনৰ নম্বৰ এএছ০১-এইছচি-৯২৪৬। নুমলীগড়ৰ কমাৰগাঁৱৰ পানীদিহিঙীয়াত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত পুৱতি নিশা প্ৰায় ৪ বজাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

পথত বাগৰি পৰে নৈশ বাছখন।দুৰ্ঘটনাটোত কেইবাজনো যাত্ৰী গুৰুতৰ ভাৱে আহত হৈছে। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।