ৰঙিয়াত সোণোৱাল চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

 05/07/2019 - 15:18

ৰঙিয়াঃ ৰঙিয়াৰ তুলসীবাৰীত ৰাইজৰ পথ অৱৰোধ।স্থানীয় ব্যক্তি দীলিপ বিশ্বাসসহ চাৰিজন ব্যক্তিক কোনো ধৰণৰ জাননি নিদিয়াকৈ সীমান্ত আৰক্ষীয়ে মাতি নি ডিটেনচন কেম্পলৈ পঠিয়াই দিয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীগ্ৰহণ।

বিজেপি মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ শ্লোগানেৰে উত্তপ্ত পৰিস্থিতি।

বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন, আছু, চিপিএম, অগপ ৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।প্ৰতিবাদী কাৰ্য্যসূচীৰ ফলত দীৰ্ঘ সময় ধৰি বন্ধ হৈ পৰে ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।