গহপুৰৰ মহেন্দ্ৰপুৰ গাঁৱৰ ৰাজহুৱা নামঘৰত চোৰে চলালে লুটপাট

 06/14/2020 - 14:38
 
গহপুৰঃ গহপুৰৰ ব্ৰক্ষ্মাজান খাটৰবাৰী মহেন্দ্ৰপুৰ গাঁৱৰ ৰাজহুৱা নামঘৰত সোমাল চোৰ। নিশা চোৰে নামঘৰৰ গ্ৰীলৰ তলা ভাঙি প্ৰবেশ কৰি চলালে লুটপাট। নামঘৰৰ মনিকুটৰ ভিতৰত থকা পিতলৰ কৃষ্ণ মুৰ্ত্তি এটা¸ ৰূপৰ ফুল¸ পিতলৰ চাঁকি¸ শৰাই¸ ৰাজহুৱা কামত ব্যৱহাৰ হোৱা কেৰাহী দুটাৰ লগতে নামঘৰত দানবৰঙনি জমা কৰি ৰখা বাকচৰ তলা ভাঙি ৫০০০ হাজাৰ টকা লৈ উধাও হোৱাৰ লগতে নামঘৰতে মল বিস্তাৰ কৰে চুৰে। যেতিয়া নামঘৰীয়া আহি দেখা পায় নামঘৰত চোৰ সোমাইছে বুলি চিঞৰ-বাখৰ কৰাত আৰু গাঁৱৰ ৰাইজক খবৰ দিয়াত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ সন্দৰ্ভত ঘাঁহিগাঁও আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।