পাষাণ পিতৃয়ে দেৱালত থেকেচিয়াই হত্যা কৰিলে কন্যা সন্তানক

 05/07/2019 - 15:42

ডবকাঃ হোজাইৰ ডবকাত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা৷ পাষাণ  পিতৃয়ে হত্যা কৰিলে ডেৰমহীয়া কন্যা সন্তানক৷ আলাল উদ্দিন নামৰ এজন পাষাণ  পিতৃয়ে যোৱা নিশা নিজ গৃহৰ দেৱালত থেকেচিয়াই হত্যা কৰিলে ডেৰমহীয়া কন্যা সন্তানক৷দৰাচলতে কন্যা সন্তানটিক কেন্দ্ৰ কৰি প্ৰায়েই আলাল উদ্দিন আৰু তেওঁৰ সতীয়া মাকৰ মাজত কাজিয়া হৈয়ে থাকে৷

কালিও আলাল উদ্দিনে একে বিষয়ক লৈ তেওঁৰ সতীয়া মাতৃৰ সৈতে কাজিয়াত লিপ্ত হয়৷ কাজিয়া কৰি থকাৰ মাজতে হঠাতে পত্নীৰ কোলাৰ পৰা কন্যা সন্তানটিক কাঢ়ি আনি এনেদৰে হত্যা কৰে৷ পাছত স্থানীয় লোকে ঘটনা সন্দৰ্ভত ডবকা আৰক্ষীক খবৰ দিয়ে৷

ডবকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত সন্তানটি উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী পিতৃকো গ্ৰেপ্তাৰ কৰে৷ আনহাতে সমগ্ৰ ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ডবকাতে৷ সকলোৱে একেমুখে গৰিহনা দিয়াৰ লগতে হত্যাকাৰী পিতৃৰ ফাঁচিৰ দাবী তোলে৷ লগতে সমগ্ৰ ঘটনাটোৰ লগত জড়িত থকা আন সকলোকো গ্ৰেপ্তাৰ কৰিবলৈ ডবকা আৰক্ষীৰ ওচৰত দাবী জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।