ৰাজ্যত পুনৰ সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ঘটনা

 06/15/2020 - 14:03
 
ডবকাঃ ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ হোজাইত সংঘটিত হ’ল হত্যাকাণ্ড৷ হোজাইৰ মাটিখলা কাৱৈমাৰি বিলত মাছ মৰাক লৈ সংঘটিত হোৱা কাজিয়াৰ পৰিণতিত সংঘটিত এই হত্যাকাণ্ড৷ কানহায়ালাল চৌহান নামৰ লোকজনক হত্যা কৰিলে সত্য বাইন নামৰ লোকজনে৷ হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে হত্যাকাৰী সত্য বায়নে৷ হোজাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰৰ বাবে প্ৰেৰণ কৰিছে৷ মাছ মৰাক লৈ হোৱা বিবাদৰ পৰিণতিত সংঘটিত এই হত্যাকাণ্ডই হোজাইত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।