এছবিআই এটিএমত ফটা ৫০০ টকীয়া নোট, গ্ৰাহকৰ মাজত হাহাকাৰ

 05/07/2019 - 17:05

গুৱাহাটীঃ তীৰ্থ নগৰ উত্তৰ গুৱাহাটী। ইয়াৰে দৌলগোবিন্দ মন্দিৰ আৰু ৰজাদুৱাৰ অঞ্চল সদা ব্যস্ত এলেকা। মন্দিৰলৈ দৈনিক অসমৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাবেশ ঘটে। সেইদৰে ৰজাদুৱাৰৰ বজাৰতে দৈনিক কেইবাখনো গাঁৱৰ ৰাইজে বেচা কিনা কৰিবলৈ ভিৰ কৰে। এই বজাৰতে দুটা এটিএম আছে। ইয়াৰে এটা এছবিআইৰ এটিএম।

আজি ৰাতিপুৱাৰ পৰা লাগিল লেঠা। এছবিআই এটিএমত পুৱাৰে পৰা যিসকল গ্ৰাহকে টকা উলিয়াই ৫০০ টকাৰ নোট পোৱাৰ সৌভাগ্য হ’ল তেওঁলোকে মূৰে কপালে হাত দিব লগাত পৰিল কিয়নো ৫০০ টকা নোটবোৰ সৰহভাগ মাজেৰে ফলা। ফলত বহুলোকে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।

আনহাতে আজি কিছুদিন পূৰ্বে অঞ্চলটোৰ এটিএম কেইটা বিভিন্ন কাৰণত অচল হৈ আছিল। বেংক কৰ্তৃপক্ষই এই বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি শীঘ্ৰে গ্ৰাহকক সুৰক্ষা আৰু সুবিধাসমূহ প্ৰদান কৰাৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।