বঙাইগাঁৱত ব্যতিক্ৰমী কোৱাৰেন্টাইন চেন্টাৰ মুকলি

 06/15/2020 - 16:08
 
 
বঙাইগাঁওঃ দেওবাৰে বিয়লি বঙাইগাঁও সদৰৰ সমীপৱৰ্তী জেলকাঝাৰ দ্বিতীয় খণ্ডত এটা আদৰ্শ কোৱাৰেন্টাইন চেন্টাৰ মুকলি কৰা হয়৷ ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ফিটা কাটি এই কোৱাৰেন্টাইন চেন্টাৰটো মুকলি কৰে৷ উল্লেখ্য যে জিলাখনৰ মূলাগাঁও পঞ্চায়তৰ অধীনৰ ৰাইজে জিলা প্ৰশাসনৰ "মিলিজুলি" প্ৰকল্পৰ সহযোগত মুঠ এঘাৰটা জুপুৰী সাজি উলিয়াইছে৷ জুপুৰী চৌহদৰ চৌদিশে ৰোপণ কৰা হৈছে তামোল গছ, কলগছ আৰু প্ৰতিটো জুপুৰীৰ সন্মুখত ৰোপণ কৰা হৈছে ফুলৰ গছ৷
 
আনহাতে প্ৰতিজন কোৱাৰেন্টাইনবাসীৰ বাবে সুকীয়া কৈ সজা হৈছে ১১ টা শৌচাগাৰ৷ একেদৰে তেওঁলোকক ঔষধ আৰু খাদ্য যোগানৰ বাবে সাজু কৰিছে দুৰ নিয়ন্ত্ৰিত ৰবট বাহন এখন৷ বাহনখন ৰিমোটৰ সহায়ত পৰিচালনা কৰা হ'ব৷ এই কোৱাৰেন্টাইন চেন্টাৰটো মুকলি কৰি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে ৰাজ্যত পৰ্যায়ক্ৰমে এনেধৰণৰ কোৱাৰেন্টাইন চেন্টাৰ মুকলি কৰা হব আৰু বিদ্যালয় সমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰি দিয়া হব৷ অনুষ্ঠানত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, অতিৰিক্ত উপায়ুক্ত ৰিন্টু বড়ো, স্থানীয় পঞ্চায়ত সভাপতি গৰাকী উপস্থিত থাকে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।