ৰঙিয়াৰ মাজৰাস্তাত বাগৰি পৰিল চেনীভৰ্তি ট্ৰাকঃ চালকৰ পলায়ন !

 05/07/2019 - 17:55

ৰঙিয়াঃ ৰঙিয়াৰ চেপ্তিৰ মাজৰাস্তাত বাগৰি পৰিছে এখন চেনীভৰ্তি ট্ৰাক। ট্ৰাকখনৰ নম্বৰ AS 14C 0333৷ ট্ৰাকখন বাগৰি পৰাৰ ফলত ৰাস্তাত সৃষ্টি হৈছে তীব্ৰ যান জঁটৰ৷ কিন্তু ট্ৰাকখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে৷ জানিব পৰা মতে ট্ৰাকখন আৰিফ নামৰ এজন ব্যৱসায়ীৰ৷

ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লওঁতেই এখন ফৰচুনাৰ গাড়ীৰে দুজন যুৱক উপস্থিত হয়৷ আৰক্ষীয়ে ট্ৰাকখনৰ কথা সোধাত যুৱক দুজনে এবাৰ সেইখন আৰিফৰ বুলি কয় আৰু এবাৰ নাজানো বুলি কয়৷ এই কথাত চেনীখিনি চোৰাং কৈ অনা বুলি সন্দেহ ঘনীভূত হৈছে লগতে ট্ৰাকখনৰ চালকজন পলায়ন কৰা কথাটোও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ বৰ্তমানেও ট্ৰাকখন মাজৰাস্তাতে বাগৰি পৰি আছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।