নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সংবাদমেল: আৰ্তজনক সহায় কৰাৰ বাবে চাৰিটাকৈ প্ৰকল্প মুকলি

 05/08/2019 - 12:08

নগাঁও: মানসিকভাবে বিকাৰগ্ৰস্ত, অসহায় বৃদ্ধ-বৃদ্ধা, অসহায় ৰূপত পদপথত ঘুৰি ফুৰা দৰিদ্ৰজন আৰু পিতৃ মাতৃ নোহোৱা তথা নিজ পৰিয়ালৰ দ্বাৰাই নিৰ্যাতিতা লোকসকল আৰু এচিড আক্ৰমণত আহত হোৱা যুৱতীক আইনী সাহাৰ্য প্ৰদানৰ বাবে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে সময়ে সময়ে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাইজে যাতে বিনামূলীয়া আইন সাহাৰ্য লাভ কৰিব পাৰে, তাৰবাবে সজাগতা সভাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

সেই উদ্দেশ্যে মঙলবাৰে নগাঁও আদালত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মাৰাঙে জানিবলৈ দিয়ে যে নগাঁও আৰু হোজাই জিলাক সামৰি বিগত সময়চোৱাত উল্লেখিত লোকসকলক বিনামূলীয়া আইনী সাহাৰ্য দিয়াৰ লগতে তেওঁলোকে যাতে স্বচ্চল জীৱন যাপন কৰিব পাৰে তাৰো পদক্ষেপ গ্ৰহণ কৰা হৈছে। সম্পাদিকা প্ৰনিতা মাৰাঙে লগতে আৰু কয়, নগাঁও আৰু হোজাই জিলা দুখন অধিক জনবহুল জিলা হিচাপে চিহ্নিত হৈ আহিছে।

সেয়ে আমি এই জিলা দুখনৰ সমাজত নিজ পৰিয়ালৰ দ্বাৰা নিৰ্যাতিত দৰিদ্ৰ, মানসিকভাৱে বিকাৰগ্ৰস্ত, দিব্যাংগলোকসকলক জিলা ন্যায়সেৱা প্ৰাধিকাৰীয়ে সময়ে সময়ে উদ্ধাৰ কৰাৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি আহিছে। তদুপৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আইন সম্পৰ্কীয় শিক্ষা প্ৰদান কৰি আহিছে। সংবাদমেলতে এই লোকসকলৰ কল্যাণৰ বাবে অধিক কাম কৰাৰ লক্ষ্যৰে চাৰিটাকৈ নতুন প্ৰকল্পৰ শুভাৰাম্ভ কৰে প্ৰণিতা মাৰাঙে। এই প্ৰকল্প কেইটা হ'ল- অনুভূতি, স্নেহ বন্ধন, নতুন সপোন আৰু পোহৰ। সংবাদমেলত প্ৰনিতা মাৰাঙে উল্লেখ কৰা মতে মানসিকভাবে বিকাৰগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰি আনি তেওঁলোকক চিকিৎসা প্ৰদানৰ লগতে মৰম চেনেহৰ জড়িয়তে এই লোকসকলক সুস্থ কৰি তোলাৰ প্ৰয়াস কৰা হ'ব।

স্বেহবন্ধন প্ৰকল্পৰ জড়িয়তে অসহায় বৃদ্ধ আৰু বৃদ্ধা লোকসকলক আইনী সাহাৰ্য প্ৰদান কৰাৰ লগতে তেওঁলোকক সুস্থভাবে জীয়াই থকাৰ ব্যৱস্থা কৰা হ'ব। ৰঙীন প্ৰকল্পৰ জড়িয়তে অসহায়ভাবে ৰাস্তাই ঘাটে ঘুৰি ফুৰা পিতৃ মাতৃ নোহোৱা শিশুসকলক উদ্ধাৰ কৰি তেওঁলোকক শিক্ষাৰ অধীকাৰ, মৌলিক অধিকাৰ আদি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব আৰু পোহৰ প্ৰকল্পৰ জড়িয়তে এচিড আক্ৰমণত আক্ৰান্ত হোৱা যুৱতীসকলক চিকিৎসা ব্যৱস্থাৰ জড়িয়তে তেওঁলোকক সঠিক দিশত আগুৱাই নিবলৈ ব্যৱস্থা কৰা হ'ব।

সংবাদমেলত প্ৰনিতা মাৰাঙে ধৰ্ষণ আদিৰ দৰে ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক জিলা আইন সেৱা প্ৰাধিকাৰীয়ে কৰি অহা সহায় তথা অৰ্থসাহাৰ্য প্ৰদান কৰাৰ কথাও উল্লেখ কৰে। উক্ত সংবাদ মেলখনতে ন্যায় সেৱা প্ৰাধিকাৰীৰ হৈ বিভিন্ন উন্নয়ণমূলক, গঠনমূলক বিভিন্ন কাম-কাজসমূহ সংবাদ মাধ্যমৰ জড়িয়তে সৰ্ব্বসাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰি অহা নগাঁও, বেবেজীয়া, বটদ্ৰৱা, ৰহা, কঠিয়াতলী আৰু কামপুৰ অঞ্চলৰ প্ৰায় ৩০ গৰাকীকৈ সংবাদসেৱীক বিশেষভাবে সম্বদ্ধৰ্না জনায় প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মাৰাঙে।

দিনৰ ১ বজাত অনুষ্ঠিত সংবাদমেলত জিলা আইন সেৱা প্ৰাধিকাৰীৰ দহগৰাকী পেনেল অধিৱক্তা সদস্য ক্ৰমে ৰূপালী গোস্বামী, ছাহনাজ চুলতানা, মুকুল প্ৰসাদ বৰঠাকুৰ, জেছমিন বেগম, মল্লিকা শৰ্ম্মা, পিংকু গোস্বামী, দণ্ডধৰ হাজৰিকা, দিপাংকৰ হাজৰিকা, দিব্য প্ৰসাদ বৰা আৰু চাহিনা খানমৰ উপৰি ৪ গৰাকী অৰ্ধআইনী সহায়ক ক্ৰমে দ্বীপেন শইকীয়া, পংকজ কুমাৰ শৰ্মা, আশ্বাদুল ইছলাম মুল্লা, পাপুমনি বৰা উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।