বৈধ নথিপত্ৰ থকা আনোৱাৰা বেগমক সন্দেহযুক্ত বিদেশী সজাই কাৰাগাৰলৈ প্ৰেৰণ: নেমছু, আমছু আৰু এবিএমছুৰ প্ৰতিক্ৰিয়া

 05/08/2019 - 12:24

দলগাওঁ: ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত বালিগাঁওৰ নছৰ আলীৰ পত্নী তথা আব্দুল গফুৰৰ কন্যা আনোৱাৰা বেগমক ৰবিবাৰে ওৰাং থানাৰ আৰক্ষীয়ে নিজ গৃহৰ পৰা আটক কৰি সোমবাৰে ওদালগুৰিৰ জেল হাজোতলৈ প্ৰেৰণ কৰে। ইয়াকে কেন্দ্ৰ কৰি ওৰাঙৰ লগতে বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে বিগত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মহিলাজনী নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি জন প্ৰতিনিধিক দিছপুৰলৈ পঠাইছিল যদিও দুৰ্ভাগ্যজনকভাৱে ২০১৭ চনৰ ভোটাৰ তালিকাত আনোৱাৰা বেগমৰ নামৰ আগত 'ডি' অহাত আচৰ্য প্ৰকাশ কৰিছে নেমছু, আমছু, এবিএমছু আদি দল-সংগঠনসমূহে। পৰিয়ালে অভিযোগ কৰা মতে আনোৱাৰা বেগমৰ সন্দেহযুক্ত 'ডি'ৰ গোচৰ চলি থকা বুলি স্থানীয় ওৰাং থানাৰ পৰা ন্যায়ালয়ৰ জাননী মাত্ৰ এবাৰ পোৱাৰ পিছত অশিক্ষিত পৰিয়ালটোৱে থানালৈ গৈ বেমাৰ হোৱাৰ কথা অৱগত কৰি ওদালগুৰি ন্যায়ালয়লৈ যাবলৈ অক্ষম বুলি কৈ আহে।

কিন্তু পৰৱৰ্তী সময়ত কোনো জাননী নাপাই মনে মনে বহি থকাত ন্যায়ালয়ে বিদেশী ঘোষণা কৰাৰ পিছত ৰবিবাৰে ওৰাং আৰক্ষীয়ে মহিলাজনীক গ্ৰেপ্তাৰ কৰি লৈ যায়। ইয়াকে কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে। এই গ্ৰেপ্তাৰৰ আঁৰত তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে আমছু, নেমছু আৰু এবিএমছুৰ ওদালগুৰি জিলা সমিতিয়ে। এই সন্দৰ্ভত নেমছু'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলাম, এবিএমছুৰ জিলা সভাপতি জিয়াৰুল হক আৰু আমছু'ৰ ওদালগুৰি জিলা সমিতিৰ সহঃ সাধাৰণ সম্পাদক জহিৰুল ইছলামে অভিযোগ কৰি কয় যে, আনোৱাৰা বেগমৰ পিতৃ-মাতৃৰ ১৯৬৫-১৯৭১ চনৰ সকলো ধৰণৰ বৈধ নথিপত্ৰ থকাৰ পিছতো তেওঁক সন্দেহযুক্ত বিদেশী সজাই জেল হাজোতলৈ প্ৰেৰণ কৰাটো অতি দুৰ্ভাগ্যজনক কথা।

ন্যায়ালয়ৰ পৰা জাননী গ'লে একাংশ থানা-আৰক্ষী চকীৰ বিষয়াসকলে জাননীবোৰ অভিযুক্ত লোকসকলক নিদিয়াৰ ফলতে ন্যায়ালয়ে একপক্ষীয় ৰায় দিবলৈ বাধ্য হয় আৰু বৈধ নথিপত্ৰ থকা প্ৰকৃত ভাৰতীয় নাগৰিকসকল বিদেশী ঘোষিত হৈ বছৰ বছৰ ধৰি ডিটেনচন কেম্পৰ দৰে নৰক যন্ত্ৰণাত দিন অতিবাহিত কৰি আছে বুলি নেতাসকলে অভিযোগ উত্থাপন কৰে। আনোৱাৰা বেগমৰ দৰে বৈধ নথিপত্ৰ থকা হাজাৰ হাজাৰ প্ৰকৃত ভাৰতীয় নাগৰিক ডিটেনচন কেম্পত বন্দী হৈ আছে।

বৈধ নথিপত্ৰ থকা সেইসকল বন্দীক এক নিৰপেক্ষ তদন্তৰ জড়িয়তে মুকলি কৰি দিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক আহ্বান জনায় সংগঠনসমূহে। লগতে সংগঠনকেইটাই এইটোও স্পষ্ট কৰি দিয়ে যে, আমি কোনো বিদেশীৰ পক্ষত নাই। যিসকল প্ৰকৃততে বিদেশী, সেইসকলক আইনী প্ৰক্ৰিয়াৰে বিতাৰণ কৰক আমি সংখ্যালঘু সংগঠনসমূহে চৰকাৰ প্ৰশাসনক পূৰ্ণ সহযোগ কৰিম।

কিন্তু বৈধ নথিপত্ৰ থকা ভাৰতীয় নাগৰিকক বিদেশীৰ নামত হাৰাশাস্তি কৰিলে কোনো পধ্যেই মানি নলয় বুলিও সংগঠনকেইটাৰ নেতৃত্বই সকিয়াই দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।