এনআৰচি কেন্দ্ৰত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগ

 05/08/2019 - 12:42

বিজনী: ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত চিৰাং জিলাৰ বিজনী মহকুমা অঞ্চলৰ বহু ভাৰতীয় নাগৰিকক সন্দেহজনক নাগৰিক বুলি অভিযোগ দাখিল কৰা হৈছে৷ চিৰাং জিলাৰ বিজনী নাগৰিকপঞ্জী উন্নীতকৰণৰ কেন্দ্ৰসমূহত অভিযোগ কৰা লোকে জাননী অনুসৰি নথিপত্ৰ লৈ উপস্থিত হয় যদিও কোনো অভিযোগকাৰী লোক উপস্থিত নোহোৱাত প্ৰকৃত ভাৰতীয় লোকসকলে উদ্বেগ প্ৰকাশ কৰে৷ জাননী পাই এনআৰচি কেন্দ্ৰত উপস্থিত হোৱা লোকসকলে প্ৰকাশ কৰা মতে, তেওঁলোকৰ শুদ্ধ নাগৰিকপঞ্জীৰ প্ৰথম আৰু দ্বিতীয় তালিকাত নাম সন্নিবিষ্ট হোৱাৰ পাছতো একাংশ লোকে অভিযোগ দাখিল কৰাত জাননী লাভ কৰি কেন্দ্ৰ সমূহত যাৱতীয় নথিপত্ৰ লৈ উপস্থিত হয়৷

অৱশ্যে অভিযোগ দাখিল কৰা লোকসকলে উপস্থিত থাকিব লাগে যদিও এনআৰচি কেন্দ্ৰৰ তত্বাৱধায়কসকলে ফোনযোগে মাতিও অভিযোগকাৰী লোকসকল উপস্থিত হোৱা নাই৷ এই ক্ষেত্ৰত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বঙাইগাঁও চিৰাং জিলা সমিতিৰ সভাপতি শুভংকৰ ঘোষে নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত প্ৰকৃত নাগৰিকক হাৰাশাস্তি হোৱাত উদ্বেগ প্ৰকাশ কৰে৷

তেওঁ শুদ্ধ এনআৰচি হোৱাৰ পোষকতা কৰে৷ একেদৰে বিটিএডি বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক ব্ৰজগোপল সৰকাৰে শুদ্ধ এনআৰচি প্ৰস্তুতকৰণৰ পোষকতা কৰি শেহতীয়াভাৱে এনআৰচিত নাম সন্নিবিষ্ট হোৱা নাগৰিকক পুনৰ আপত্তি দৰ্শাই হাৰাশাস্তি কৰি সংশ্লিষ্ট পক্ষই শান্তি বিনষ্ট কৰিব বিচাৰিছে বুলি অভিযোগ কৰে৷

সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ঘোষেও সংবাদ মাধ্যমৰ আগত প্ৰকৃত ভাৰতীয় নাগৰিকক অভিযোগ দাখিল কৰি হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।