স্থানান্তৰ হ'ল উত্তৰ গুৱাহাটী আউনী আটী সত্ৰৰ মধ্যমখণ্ড ৰজাদুৱাৰ পাৰঘাট: ৰজাদূৱাৰৰ পৰা চলিব দুটা ঘাটৰ ফেৰী সেৱা

 05/08/2019 - 13:17

উত্তৰ গুৱাহাটী: লুইতৰ জলপৃষ্ঠ বৃদ্ধি আৰু পাৰ ঘাটৰ প্ৰবল গৰাখহনীয়াৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ গুৱাহাটী আউনীআটী সত্ৰ পাৰঘাট স্থানান্তৰৰ সিদ্ধান্ত লৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে। বিগত চাৰিমাহ পূৰ্বে লুইতৰ জলপৃষ্ঠ শুকাই যোৱাৰ পৰিপেক্ষিতত ৰজাদুৱাৰ আৰু মধ্যমখণ্ড পাৰঘাটৰ স্থানান্তৰ কৰা হৈছিল সত্ৰ ঘাটলৈ।

শেহতীয়াকৈ ফণীৰ ধুমুহা বৰষুণৰ পাছতে খালী হৈ পৰা বৰলুইত ফেনে ফুটুকাৰ ওফন্দি উঠিছে। পানীৰ প্ৰবল সোঁতৰ বাবে এতিয়া পাৰঘাটত জাহাজ চপাবলৈ নাবিকে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ পাঁচ চেপ্টেম্বৰত এই স্থানৰ খৰশ্ৰোতা পানীৰ বাবে ভটভটী দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণহানি হৈছিল কেইবাজনো লোকৰ।

কালি জলপৰিবহণ বিভাগৰ বিষয়া উপস্থি হৈ ৰজাদুৱাৰ পাৰঘাটলৈ স্থানান্তৰৰ সিদ্ধান্ত লয়। লুইতৰ পানী পুনৰ শুকাই যোৱাৰ তৰল যুক্তিৰে ঘাট দুটি ৰজাদুৱাৰত ৰখাৰ সিদ্ধান্তক উত্তৰপৰীয়া ৰাইজে গৰিহণা দিছে। ৰাইজৰ দাবী পূৰ্বৰ মধ্যমখণ্ড আৰু ৰজাদৱা ঘাটৰ পৰা প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ফেৰী সেৱা আৰম্ভ কৰাৰ দাবী জনায়।

তদুপৰি অত্যাধুনিক ৰ'ৰ' জহাজ সেৱাৰে সুৰক্ষিত ফেৰী সেৱা শীঘ্ৰে আৰম্ভ কৰাৰ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।