মূকবধিৰ যুৱতীক ধৰ্ষণঃ আটক লম্পট

 05/08/2019 - 13:29

ওদালগুৰিঃ ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি গাঁৱত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণৰ ঘটনা। এজন লম্পটৰ কামনাৰ বলি হয় ২৩ বছৰীয়া এজনী মূকবধিৰ যুৱতী। জানিব পৰা মতে যুৱতী গৰাকীয়ে সোমবাৰে সন্ধিয়া ৫ মান বজাত পথাৰলৈ গৰু আনিবলৈ গৈছিল। তেনেতে অগ্নি বসুমতাৰী নামৰ লম্পট এজনে অকলশৰীয়া ভাৱে পাই যুৱতীগৰাকীক কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বকভাবে ধৰ্ষণ কৰে।

যুৱতীজনীয়ে ঘৰলৈ আহি আকাৰ ইংগিতেৰে ঘৰৰ মানুহৰ সন্মুখত ঘটনাটো অৱগত কৰাৰ পিছত যুৱতী গৰাকীৰ পৰিয়াল তথা স্থানীয় লোকে সেই স্থানেৰে আহি থকা অৱস্থাত অগ্নি বসুমতাৰী(২৯)নামৰ লম্পটটোক ধৰি আৰক্ষীৰ ওচৰত চমজাই দিয়ে। ইয়াৰ পাছত আৰক্ষীয়ে লম্পট অগ্নিক আটক কৰে। ইফালে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত অগ্নি বসুমতাৰীক ওদালগুৰি আৰক্ষীয়ে আটক কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১ আৰু ৩৭৬ ধাৰাৰ অধীনত ৭৯/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।